অসম

assam

By ETV Bharat Assamese Team

Published : Jun 7, 2024, 8:53 AM IST

ETV Bharat / snippets

শিশু সুৰক্ষা আয়োগৰ অভিযানত সোণাৰিত উদ্ধাৰ তিনি শিশু শ্ৰমিক

3 child labourers rescued in commission of child protection operation in Sonari
সোণাৰিত উদ্ধাৰ ৩ টাকৈ শিশু শ্ৰমিক (ETV Bharat Assam)

সোণাৰি, ৭ জুন :শিশুক শ্ৰমিক হিচাপে ব্যৱহাৰ কৰাটো বন্ধ কৰাৰ লগতে শিশু শ্রমিকক নিৰ্যাতন চলোৱাৰ বিৰোধিতাৰে চৰকাৰে কঠোৰ আইন ৰূপায়ণ কৰিছে যদিও একাংশই এই আইনক বৃদ্ধাংগুষ্ঠ দেখুওৱা পৰিলক্ষিত হৈছে । এইবাৰ শিশু শ্ৰমিকৰ বিৰুদ্ধে চৰাইদেউৰ সোণাৰি নগৰত অভিযান চলালে শিশু সুৰক্ষা আয়োগে ।

সোণাৰি নগৰৰ বিভিন্ন ব্যৱসায়িক প্ৰতিষ্ঠানত শিশু শ্ৰমিকৰ বিৰুদ্ধে চৰাইদেউ জিলা শিশু সুৰক্ষা আয়োগৰ দলে অভিযান চলায় । অভিযানত ৩ টাকৈ শিশু শ্ৰমিকক উদ্ধাৰ কৰে দলটোৱে । শিশু সুৰক্ষা আয়োগৰ বিষয়াই জানিবলৈ দিয়া অনুসৰি, চৰাইদেউ জিলাখনক শিশু শ্ৰমিক মুক্ত কৰাৰ বাবে চেষ্টা কৰা হৈছে । আইন ভংগ কৰোতাৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰাৰ হুংকাৰ আয়োগৰ ।

ABOUT THE AUTHOR

...view details