অসম

assam

ৰহস্যজনক অৱস্থাত উদ্ধাৰ যুৱকৰ মৃতদেহ; হত্যা নে আন কিবা ? - Body Found In Gaurisagar

By ETV Bharat Assamese Team

Published : Sep 18, 2024, 3:08 PM IST

যুৱকজনক হত্যাৰ সন্দেহ (ETV Bharat Assam)

আমগুৰি, ১৮ ছেপ্টেম্বৰ: শিৱসাগৰ জিলাৰ গৌৰীসাগৰ আৰক্ষী থানাৰ অন্তৰ্গত ফুলপানীচিগা মাজুমেলীয়া গাঁৱত ৰহস্যজনক অৱস্থাত উদ্ধাৰ হয় এজন যুৱকৰ মৃতদেহ । গাঁওখনৰ মিন্টু বৰগোহাঁই নামৰ লোকজনৰ ঘৰৰ পাছফালে দীপাংকৰ বৰুৱা (২৬) নামৰ যুৱকজনৰ মৃতদেহ বুধবাৰে পুৱা উদ্ধাৰ হয় ।

স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি ভাৰতীয় সেনা বাহিনীৰ অৱসৰপ্ৰাপ্ত জোৱান মিন্টু বৰগোহাঁইয়ে অবৈধভাৱে সুৰাৰ ব্যৱসায় কৰি আহিছিল । এইজন লোকৰ ঘৰৰ পিছফালে কি কাৰণত পুৱা দীপাংকৰ মৃত অৱস্থাত উদ্ধাৰ হ'ল সেয়া ৰহস্যজনক বিষয় বুলি স্থানীয় ৰাইজে মন্তব্য় কৰিছে ।

কোনোবাই বাঁহ বা কাঠৰেৰে মৰিয়াই যুৱকজনক হত্যাৰ সন্দেহ কৰিছে স্থানীয় ৰাইজে । পুৱা মিন্টু বৰগোহাঁইয়ে মৃতদেহটো প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়ে । ইয়াৰ পিচতেই ঘটনাস্থলীত গৌৰীসাগৰ আৰক্ষী উপস্থিত হৈ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে ।

লগতে পঢ়ক:ডাইনী সন্দেহত একেটা পৰিয়ালৰে ৫ গৰাকী সদস্যক হত্যা - Sukma Murder

বিশ্বকৰ্মা পূজাৰ প্ৰসাদ খাবলৈ অহা মহিলাক ৰক্তাক্ত অৱস্থাত উদ্ধাৰ - LADY ATTACK BY HOUSEMAID

ABOUT THE AUTHOR

...view details