গছপুলি বিতৰণ, ছাত্ৰ-ছাত্ৰীৰ বিশেষ সজাগতামূলক অনুষ্ঠানেৰে বিশ্ব পৰিৱেশ দিৱস পালন - World Environment Day - WORLD ENVIRONMENT DAY
Published : Jun 5, 2024, 9:24 PM IST
কলিয়াবৰ, 5 জুন : ৰাজ্যৰ আন আন প্ৰান্তৰ লগতে কলিয়াবৰত বিশ্ব পৰিৱেশ দিৱস পালন ৷ এই দিৱস উপলক্ষে পৰিৱেশ সচেতনতা বৃদ্ধিৰ লক্ষ্যৰে কলিয়াবৰৰ বামুণীত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকসকলে এক ৰেলী বাহিৰ কৰে ৷ কলিয়াবৰ শাখা বিজ্ঞান সমিতিৰ উদ্যোগত আৰু বামুণী উচ্চ মাধ্যমিক বিদ্যালয়ৰ সহযোগত এই কাৰ্যসূচী পালন কৰা হয় ৷
এইবাৰৰ পৰিৱেশ দিৱসৰ মূল বিষয়বস্তু হ'ল "ভূমি পুনৰুদ্ধাৰ, মৰুকৰণ আৰু খৰাং সহিষ্ণুতা ৷" বিশ্বব্যাপী ইক'চিষ্টেম পুনৰুদ্ধাৰ আৰু ভূমি ব্যৱস্থাপনা অনুশীলনৰ প্ৰতি কৌশলগত দৃষ্টিসহ এই বছৰৰ বিশ্ব পৰিৱেশ দিৱসৰ বিষয়বস্তুৱে বিশেষ তাৎপর্য বহন কৰিছে ৷
তদুপৰি জখলাবন্ধা চে'ণ্ট ৰবাৰ্ট্চ হাইস্কুলেও বিশ্ব পৰিৱেশ দিৱস উপলক্ষে কেবাটাও কাৰ্যসূচী ৰূপায়ণ কৰে ৷ এই উপলক্ষে ছাত্ৰ-ছাত্ৰীৰ সহযোগত এক সজাগতামূলক ৰেলী বাহিৰ কৰা হয় ৷ লগতে জখলাবন্ধা ব্যৱসায়ীক এলেকাত উপস্থিত হৈ গছপুলি বিতৰণ কৰে বিদ্যালয়খনে ৷ পৰিৱেশ সচেতনতা বৃদ্ধিৰ লক্ষ্যৰে এক নৃত্য-গীতৰ অনুষ্ঠান আয়োজন কৰা হয়, য'ত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকসকলে ভাগ লয় ৷
লগতে পঢ়ক : বিশ্ব পৰিৱেশ দিৱসত বিশ্ববাসীলৈ বিশেষ বাৰ্তা ডাঙৰ পৰ্দাৰ তাৰকাৰ - World Environment Day 2024