অসম

assam

ETV Bharat / videos

ফখৰুদ্দিন আলি আহমেদ চিকিৎসা মহাবিদ্যালয় হাস্পতালত বিশ্ব ৰক্তদাতা দিৱস পালন - World Blood Donor Day 2024 - WORLD BLOOD DONOR DAY 2024

By ETV Bharat Assamese Team

Published : Jun 14, 2024, 8:10 PM IST

বৰপেটা, ১৪ জুন: বৰপেটাৰ ফখৰুদ্দিন আলি আহমেদ চিকিৎসা মহাবিদ্যালয় হাস্পতালত শুকুৰবাৰে বিশ্ব ৰক্তদাতা দিৱস পালন কৰা হয় । এই উপলক্ষে চিকিৎসা মহাবিদ্যালয়খনৰ ব্লাড বেংকৰ উদ্যোগত ৰক্তদানৰ বিশেষ কাৰ্যসূচী ৰূপায়ণ কৰা হয় ।‌ উক্ত অনুষ্ঠানটোত অংশগ্ৰহণ কৰি ব্লাড বেংকৰ ভাৰপ্ৰাপ্ত চিকিৎসা বিষয়া ডাঃ বিভূতি ভূঞাই ৰাইজক ৰক্তদানৰ বাবে স্বেচ্ছাই আগবাঢ়ি আহিবলৈ আহ্বান জনায় ।  

আজি ৫০ গৰাকী ৰক্তদাতাই ৰক্তদান কৰে বুলি সদৰী কৰে ব্লাড বেংকৰ ভাৰপ্ৰাপ্ত চিকিৎসা বিষয়াগৰাকীয়ে । তেওঁ কয় যে ৰক্তদান জীৱনদান । তেজৰ যথেষ্ট অভাৱ আছে বুলি উল্লেখ কৰি তেওঁ কয় যে ৰাইজে ৰক্তদানৰ বাবে আগবাঢ়ি আহিব লাগে । ‌আজি ৰক্তদান কৰা সকলক চিকিৎসালয় কৰ্তৃপক্ষই আদৰণি জনায় । ৰক্তদান কৰি সমাজসেৱক মুকুট ৰঞ্জন দাসেও জনসাধাৰণক ৰক্তদান কৰিবলৈ আহ্বান জনায় ।‌ উল্লেখ্য যে সমাজসেৱক গৰাকীয়ে ইতিমধ্যে ৩৬ বাৰ ৰক্তদান কৰিছে ।

লগতে পঢ়ক:ৰক্তদান কৰক আৰু জীৱন ৰক্ষা কৰাৰ প্ৰচেষ্টাত যোগদান কৰক - World Blood Donor Day 2024

আজি বিশ্ব ৰক্তদাতা দিৱস: ৰক্তদান সন্দৰ্ভত জানি লওক কেইটামান গুৰুত্বপূৰ্ণ কথা - World Blood Donor Day

 

ABOUT THE AUTHOR

...view details