অসম

assam

ETV Bharat / videos

গৌৰৱ গগৈৰ জয়ৰ বাবে বৰভোজ পাতিলে ভোটাৰে - feast for Gaurav Gogoi victory

By ETV Bharat Assamese Team

Published : Jun 14, 2024, 8:12 AM IST

যোৰহাট, 14 জুন : আপুনি হয়তো বহু ৰাজনৈতিক নেতা নিৰ্বাচনত জয়ী হোৱা দেখিছে । কিন্তু নিৰ্বাচনত জয়ী হোৱাৰ পাচত এজন সাধাৰণ ভোটাৰে ৰাইজক ভোজ ভাত খুওৱা দেখা নাই বা শুনা নাই । চলিত বৰ্ষৰ লোকসভা নিৰ্বাচনত 14 নং যোৰহাট লোকসভা সমষ্টিৰ পৰা গৌৰৱ গগৈ জয়ী হোৱাৰ পাচতেই তিতাবৰত এজন সাধাৰণ ভোটাৰ তথা শুভাকাংশীয়ে ভোজমেল পাতে ৷

তিতাবৰ বোকাহোলা চাহ বাগিচাৰ শংকৰ ৰাও নামৰ যুৱকজনে গৌৰৱ গগৈক ইমানেই ভাল পাই যে গৌৰৱ গগৈ জয়ী হোৱাৰ পাচত বৃহস্পতিবাৰে প্ৰায় 12 শ লোকক উদৰ পুৰাই খোৱালে এসাজ ভাত ৷ অৱশ্যে তেওঁ কংগ্ৰেছ, বিজেপি বা কোনো দলৰ সদস্য নহয় ৷ কিন্তু তেওঁ মনে প্ৰাণে ভালপাই গৌৰৱ গগৈক ৷ সেইবাবেই নিজৰ গাঁঠিৰ ধন ভাঙি উদৰ পুৰাই ৰাইজক তৃপ্তিৰে এসাজ খুওৱাই ৷

তেওঁ কয়, "যোৰহাটীয়া ৰাইজৰ মনৰ মানুহ গৌৰৱ গগৈ ৷ গৌৰৱ গগৈক মনে প্ৰাণে ভাল পায় যোৰহাটৰ ৰাইজে আৰু সেই বাবেই হিয়া উজাৰি ভোটদান কৰি জয়ী কৰিলে গৌৰৱ গগৈক ৷"

লগতে পঢ়ক : চৰকাৰৰ বিৰুদ্ধে সৰৱ বিৰোধীৰ ভূমিকা পালন কৰিব কংগ্ৰেছে: গৌৰৱ গগৈ - Leader of the Opposition

ABOUT THE AUTHOR

...view details