অসম

assam

ETV Bharat / videos

আকৌ এটা ভিডিঅ’ত ঘোঁৰাৰ লগতে অসম আৰক্ষীৰ তথ্য খোলোচা মানস বৰগোহাঁইৰ - SI Jonmoni Rabha

By ETV Bharat Assamese Team

Published : Feb 13, 2024, 6:11 PM IST

নিউজ ডেস্ক, 13 ফেব্ৰুৱাৰী: আলফা স্বাধীনৰ কেম্পত বন্দী মানস বৰগোহাঁইৰ কেবাটাও ভিডিঅ’ ইতিমধ্যে সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰিছে নিষিদ্ধ ঘোষিত সংগঠনটোৱে ৷ মঙলবাৰে পুনৰ এটা ভিডিঅ’ প্ৰেৰণ কৰা হৈছে মানসৰ ৷ য’ত মানস বৰগোহাঁয়ে পূৰ্বৰ দৰেই মানস চলিহা ওৰফে ঘোঁৰা আৰু অসম আৰক্ষীৰ বিষয়ে কেতবোৰ অভিযোগ তুলিছে ৷ এইবাৰ মানসে নাম ল’লে জোনমণি ৰাভাৰ ৷ চিবিআইৰ তদন্তত জোনমণি ৰাভাৰ মৃত্যুৰ ঘটনাটো এটা দুৰ্ঘটনা বুলি ইতিমধ্যেই প্ৰমাণিত হৈছে ৷ কিন্তু মানস বৰগোহাঁয়ে যি বক্তব্য প্ৰকাশ কৰিছে, তাত নাম সাঙোৰ খাইছে কেবাগৰাকীও আৰক্ষীৰ বিষয়াৰ ৷  

মানসে দাবী কৰা মতে বিভিন্ন ধৰণে মানস চলিহা ওৰফে ঘোঁৰাই তেওঁলোকক ভয় খুৱাইছিল ৷ জোনমণি ৰাভা জীৱন্ত অৱস্থাতে মানস চলিহাই কৈছিল নকল সোণৰ বিৰুদ্ধে অভিযান চলোৱা জোনমণিৰ অৱস্থা বেয়া হ’ব ৷ আৰক্ষী অধীক্ষক লীনা দলেৰ অতি ঘনিষ্ঠ আছিল সুশান্ত বিশ্ব শৰ্মা ৷ সেয়ে জোনমণি ৰাভা নাবাচিব বুলি মানস চলিহাই কোৱা বুলি মানস বৰগোহাঁয়ে দাবী কৰিছে ৷  

জোনমণি ৰাভাৰ দুৰ্ঘটনাৰ পিচত ট্ৰাক চালকজনক আৰক্ষী অধীক্ষক জিপি সিঙে 24 ঘন্টাৰ ভিতৰত জামিনৰ ব্যৱস্থা কৰি দিছিল বুলিও মানস বৰগোহাঁয়ে ভিডিঅ’টোত উল্লেখ কৰিছে ৷ এই সকলো কথা মানস চলিহাই কোৱা বুলিও তেওঁ উল্লেখ কৰে ৷ ইফালে এইসমূহ কথা প্ৰকাশ কৰাৰ পিচত মানস চলিহাই তেওঁৰ পৰিয়ালৰ সদস্যসকলৰ অনিষ্ট সাধন কৰিব পাৰে বুলিও আলফা (স্বা)ৰ কেম্পত বন্দী যুৱকজনে শংকা ব্যক্ত কৰিছে ৷ 

লগতে পঢ়ক: অমৃত কালৰ নহয় অসমৰ বিনাশ কালৰ বাজেট : ভূপেন বৰা

ABOUT THE AUTHOR

...view details