মহানুভৱতা : দুৰ্ঘটনাত পতিত ট্ৰাক চালকক নিজৰ কান্ধত তুলি ধৰিলে যান-বাহন আৰক্ষীৰ জোৱানে - Road Accident - ROAD ACCIDENT
Published : Jun 5, 2024, 9:57 PM IST
কাজিৰঙা, 5 জুন : অসম আৰক্ষীৰ জোৱানৰ মহানুভৱতা ৷ দুৰ্ঘটনাত পতিত হোৱা ট্ৰাকৰ ভিতৰত আৱদ্ধ চালকক এঘন্টা ধৰি নিজৰ কান্ধত তুলি ধৰি ৰাখিলে কঁহৰাৰ যান-বাহন আৰক্ষীৰ কনিষ্টবল মৃদুল বৰাই ৷ দুৰ্ঘটনা সংঘটিত হোৱাৰ লগে লগেই চালক ৰাহুল দাসৰ দুয়োখন ভৰি আৱদ্ধ হৈ পৰে ট্ৰাকত ৷ গুৰুতৰভাৱে আহত হৈ তেজেৰে লুতুৰি পুতুৰি হৈ থকা চালকজনৰ দেহটো তলত নপৰাকৈ এঘণ্টা ধৰি ৰাখে কনিষ্টবল মৃদুল বৰাই ৷
ইফালে স্থানীয় সাংবাদিক ৰঞ্জিত ৰজক আৰু স্থানীয় ৰাইজৰ প্ৰচেষ্টাত অৱশেষত চালকজনক উদ্ধাৰ কৰি কঁহৰা আদৰ্শ চিকিৎসালয় লৈ প্ৰেৰণ কৰা হয় ৷ উল্লেখযোগ্য যে মঙলবাৰে পুৱতি নিশা কাজিৰঙাৰ বচাগাঁৱত নুমলীগড়ৰ দিশৰ পৰা গুৱাহাটী অভিমুখে গৈ থকা AS 01 MC 3083 নম্বৰৰ তেল টেংকাৰখন ৰাজপথত বাগৰি পৰে ৷
আনহাতে মঙলবাৰে নিশা প্ৰায় 8.30 বজাত আৰক্ষীয়ে টেংকাৰখন উদ্ধাৰ কৰি কঁহৰা অভিমুখে ক্ৰেনৰ সহায়ত আনি থকা অৱস্থাত একে দিশেৰে আহি থকা NL 07 AA 0311 নম্বৰৰ ট্ৰাক খনে পিচফালে প্ৰচণ্ড জোৰেৰে খুন্দা মৰাত এই দুৰ্ঘটনা সংঘটিত হয় ৷
লগতে পঢ়ক : কৰ্মস্থলীৰ পৰা ৰে'লৰে ঘৰলৈ আহি থাকোতে ৰে'লতেই শেষ নিশ্বাস - BSF Jawan Of Assam Passes Away