অসম

assam

ETV Bharat / videos

ঘৰ এৰি যোৱাৰ আগত দুবাৰ ভাবক, ৰেহাই নাপালে চৰকাৰী বিষয়াও - Assam Theft incident

By ETV Bharat Assamese Team

Published : Mar 1, 2024, 11:10 AM IST

ৰঙিয়া, 1 মাৰ্চ : ৰাজ্যজুৰি ক্ৰমাৎ বৃদ্ধি হৈছে চুৰিকাণ্ডৰ ঘটনা ৷ এইবাৰ চোৰৰ শেনচকু ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰীৰ ঘৰত । বৃহস্পতিবাৰে ৰঙিয়াৰ বৰমপুৰ হাটবজালীৰ নিবাসী তথা ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী বিচিত্ৰ শীলৰ ঘৰত চোৰৰ চাফাই অভিযান চলায় ।

জানিব পৰা মতে, লোকজনৰ পুত্ৰ বৰপেটা মেডিকেল কলেজ হাস্পতাল আৰু কন্যা গুৱাহাটী আৰ্য কলেজত অধ্যয়নৰত ৷ সেই সূত্ৰে লোকজনে পুত্ৰৰ লগত বৰপেটাত আৰু পত্নীয়ে কন্যাৰ সৈতে গুৱাহাটীত থাকে । ফলত ঘৰত কোনো নথকাৰ সুযোগ বুজি বুধবাৰে নিশা লোকজনৰ ঘৰত চোৰে প্ৰৱেশ কৰে ৷

চোৰে এফালৰ পৰা লণ্ডভণ্ড কৰে ঘৰৰ সকলো সা-সামগ্ৰী । ইয়াৰোপৰি চোৰে গদ্ৰেজৰ তলা ভাঙি, নগদ ধন, 5তোলা সোণৰ আ-অলংকাৰ, টিভি, তিনিটা চিলিণ্ডাৰ, কাঁহৰ বাচন-বৰ্তনসহ মূল্যবান সামগ্ৰী লৈ পলায়ন কৰে । লগত লৈ যায় লাগতিয়াল নথি-পত্ৰসহ ATM কাৰ্ডো । 

চুৰি কৰি নিয়া সামগ্ৰীসমূহৰ মূল্য প্ৰায় কেইবা লক্ষাধিক টকা হ’ব বুলি জানিবলৈ দিয়ে ঘৰৰ গৃহস্থই । ইতিমধ্যে ঘটনা সন্দৰ্ভত ৰঙিয়া আৰক্ষীৰ কাষ চাপিছে ভুক্তভোগী পৰিয়ালটোৱে ৷

লগতে পঢ়ক: অবৈধভাৱে চলাচল কৰা বহিঃৰাজ্যৰ ডাম্পাৰ, ট্ৰাকৰ বিৰুদ্ধে বিশ্বনাথত পৰিবহণ বিভাগৰ অভিযান

ABOUT THE AUTHOR

...view details