প্ৰাপ্যৰ দাবীত আমগুৰিত চাহ শ্ৰমিকৰ প্ৰতিবাদ - Tea workers protest in amguri - TEA WORKERS PROTEST IN AMGURI
Published : Jul 10, 2024, 2:01 PM IST
আমগুৰি, 10 জুলাই: অসম চাহ মজদুৰ সংঘৰ উদ্যোগত বুধবাৰে ৰাজ্যজুৰি প্ৰাপ্য বঞ্চিত চাহ শ্ৰমিকে গ্ৰহণ কৰিছে ধৰ্ণা কাৰ্যসূচী । শিৱসাগৰ জিলাৰ আমগুৰিৰ বাঘজান চাহ বাগিচাত অসম চাহ মজদুৰ সংঘয়ো গ্ৰহণ কৰিছে প্ৰতিবাদী কাৰ্যসূচী । বাঘজান চাহ বাগিচাৰ কাৰ্যালয় ঘেৰাও কৰে তিনি শতাধিক চাহ শ্ৰমিকে ।
‘শ্ৰমিকক বঞ্চনা নকৰিব,’ ‘শ্ৰমিকক উপযুক্ত পৰিশ্ৰামিক দিয়ক,’ ‘চিকিৎসা সুবিধা প্ৰদান কৰক’ শ্ল'গানেৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে চাহ শ্ৰমিকসকলে । অসম চাহ মজদুৰ সংঘই বাগিচা কৰ্তৃপক্ষৰ লগতে ৰাজ্য চৰকাৰে তেওঁলোকক কৰি অহা বঞ্চনা আৰু প্ৰতাৰণাৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰে ।
চাহ শ্ৰমিকসকলে পষেকীয়া, মাহেকীয়া দৰমহাৰ লগতে ৰেচম, চিকিৎসা সেৱা বছৰ বছৰ ধৰি অনিয়মিতভাৱে প্ৰদান কৰি অহাৰ লগতে ভৱিষ্যনিধি, গ্ৰেচুইটীৰ ধন শীঘ্ৰে মোকলাই দিয়াৰ দাবী তোলে প্ৰতিবাদী কাৰ্যসূচীৰ দ্বাৰা ৷ ইয়াৰ লগতে বাগিচাৰ শ্রম আইন সম্পূৰ্ণৰূপে কাৰ্যকৰী নকৰাৰ অভিযোগ তুলি কৰ্তৃপক্ষৰ বিৰুদ্ধে ক্ষোভ উজাৰে সংগঠনটোৱে ।