অসম

assam

ETV Bharat / videos

দুৰ্গতক সহায়ৰ উদ্দেশ্য়ে পাঁচ ছাত্ৰই সংগ্ৰহ কৰা ধন অৰ্পণ কৰিলে কেশৱ মহন্তক - Assam Flood 2024 - ASSAM FLOOD 2024

By ETV Bharat Assamese Team

Published : Jul 9, 2024, 7:46 PM IST

কলিয়াবৰ, ৯ জুলাই : কলিয়াবৰৰ জখলাবন্ধাৰ বিমলা একাডেমিৰ দশম শ্ৰেণীৰ পাঁচজন ছাত্ৰই বন্যাৰ্তক সহায়ৰ বাবে সংগ্ৰহ কৰা ধন মঙলবাৰে মন্ত্ৰী কেশৱ মহন্তৰ হাতত অৰ্পণ কৰিলে । দুৰ্গতক সহায় কৰাৰ উদ্দেশ্য়ে ছাত্ৰকেইজন আগবাঢ়ি অহাত সকলোৱে সহযোগিতাও আগবঢ়ায় ।   জখলাবন্ধাৰ আয়ুস চৌহান, তনবীৰ আঞ্জুম,পাৰহান শ্বেখ,সতীশ প্ৰসাদ, সৃজন নেৱাৰ নামৰ ছাত্ৰকেইজনৰ মহানুভৱতাই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে ।  

বিগত কিছুদিন ধৰি ছাত্ৰকেইজনে দোকানে-দোকানে গৈ ধন সংগ্ৰহ কৰি মন্ত্ৰী কেশৱ মহন্তৰ হাতত অৰ্পণ কৰাত ছাত্ৰকেইজনৰ এই পদক্ষেপক আদৰণি জনাই কয়,"এই ধনৰাশি যাতে বান পীড়িতৰ বাবে সঠিক ৰূপত ব্যৱহাৰ হয় তাৰ ব্যৱস্থা কৰা হ'ব ।" লগতে আন বহুকেইগৰাকী ব্যক্তিয়েও বানপীড়িতৰ বাবে সহায়ৰ হাত আগবঢ়োৱাৰ ইচ্ছা প্ৰকাশ কৰাৰ কথাও মন্ত্ৰীগৰাকীয়ে ব্যক্ত কৰে ।

লগতে পঢ়ক:কান্ধত সামগ্ৰী তুলি বানাক্ৰান্তক সাহাৰ্য বিতৰণ বিধায়কৰ - Assam Flood 2024

যুৱকৰ মহানুভৱতা : বন্যাৰ্তৰ সুবিধাৰ্থে আশ্ৰয় শিবিৰত ফেনৰ যোগান - Assam Flood 2024

ABOUT THE AUTHOR

...view details