অসম

assam

সামাজিক ব্যাধিৰ বিৰুদ্ধে সজাগতাৰ চেষ্টা : শিৱসাগৰত মহিলাৰ বাটৰ নাট - Awareness against social evils

By ETV Bharat Assamese Team

Published : Jul 11, 2024, 5:19 PM IST

শিৱসাগৰত মহিলাৰ দ্বাৰা বাটৰ নাট (ETV Bharat Assam)

শিৱসাগৰ, 11 জুলাই : শিৱসাগৰৰ অন্যতম অগ্ৰণী মহিলা সামাজিক অনুষ্ঠান কনকলতা মহিলা সংগঠনৰ উদ্যোগত বৃহস্পতিবাৰে প্ৰদৰ্শন কৰা হয় বাটৰ নাট । শিৱসাগৰ নগৰৰ দ’লমুখ চাৰিআলি, ষ্টেচন চাৰিআলি, কলেজ চাৰিআলিকে ধৰি বিভিন্ন স্থানত এই বাটৰ নাট প্ৰদৰ্শনৰ জৰিয়তে বৰ্তমান সমাজখনত প্ৰচলিত হৈ থকা ব্যাধিস্বৰূপ বাল্যবিবাহ, নাৰী নিৰ্যাতন, মাদক দ্ৰব্য আদি সমস্যাসমূহৰ সন্দৰ্ভত ৰাইজক সজাগ কৰাৰ প্ৰচেষ্টা হাতত লৈছে সংগঠনটোৱে ৷

১১ আৰু ১২ জুলাইত দুদিনীয়াকৈ কনকলতা মহিলা সংগঠনে শিৱসাগৰ নগৰ আৰু ইয়াৰ সমীপৰ বিভিন্ন স্থানত এই বাটৰ নাট পৰিৱেশন কৰিব । তাৰোপৰি চাহ বাগানৰ লোকসকলৰ মাজতো মাদক দ্ৰব্য নিবাৰণ সম্পৰ্কীয় সজাগতামূলক কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ লোৱা হৈছে বুলিও জানিবলৈ দিছে সংগঠনটোৰ সভানেত্ৰী পিংকী দত্তই ৷

শিৱসাগৰ জিলাৰ বিভিন্ন প্ৰান্তৰ ছাত্ৰীসকলে পৰিৱেশন কৰা এই বাটৰ নাট প্ৰদৰ্শন কাৰ্যসূচীত সংগঠনটোৰ সহ-সম্পাদিকা ৰীণা ভৰালী, কোষাধ্যক্ষ ৰ'জ ষ্পটৰ লগতে বহুকেইগৰাকী সদস্যাই অংশগ্ৰহণ কৰে ৷

লগতে পঢ়ক : সৰুপথাৰত অবৈধ সুৰাৰ ঘাটি উচ্ছেদ মহিলাৰ

ABOUT THE AUTHOR

...view details