অসম

assam

মৰিয়নীত চাঞ্চল্যকৰ হত্যাকাণ্ড : পুত্ৰই মাতৃক হত্যা কৰাৰ সন্দেহ স্থানীয় লোকৰ - Murder at Mariani

By ETV Bharat Assamese Team

Published : Aug 16, 2024, 9:02 PM IST

মৰিয়নীত চাঞ্চল্যকৰ হত্যাকাণ্ড (ETV Bharat Assam)

যোৰহাট, 16 আগষ্ট : মৰিয়নীৰ নাগিনীজানৰ পুঠীনদীৰ সমীপত সংঘটিত হৈছে এক নৃশংস হত্যাকাণ্ড ৷ জন্মদাত্ৰী মাতৃক পুত্ৰই হত্যা কৰাৰ সন্দেহ স্থানীয় লোকৰ ৷  জানিব পৰা মতে মৰিয়নীৰ নাগিনীজানৰ পুঠিনদীৰ বিলবস্তিত সামান্য কথাতেই পুত্ৰ লক্ষীৰাম কৰ্মকাৰে শোৱাপাটিতে জন্মদাত্ৰী মাতৃ দেৱীকা কৰ্মকাৰক লাঠিৰে কোবাই অতি নিৰ্দয়ভাৱে হত্যা কৰিছে বুলি স্থানীয় লোকে সন্দেহ আৰু অভিযোগ উথাপন কৰিছে ৷ শুকুৰবাৰে পুৱতি নিশা সংঘটিত হোৱা এই হত্যাকাণ্ড আজি দিনৰভাগতহে পোহৰলৈ আহে ৷ পৰৱৰ্তী সময়ত ঘটনাস্থলীত দেৱেৰাপাৰ আৰক্ষী উপস্থিত হৈ অভিযুক্ত পুত্ৰ লক্ষীৰাম কৰ্মকাৰক আটক কৰে আৰু মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷

স্থানীয় লোকে জানিবলৈ দিয়া মতে প্ৰায়ে মাতৃৰ সৈতে পুত্ৰই কাজিয়াত লিপ্ত হৈছিল আৰু বৃহস্পতিবাৰে নিশাৰ ভাগত কাজিয়াই ভয়ংকৰ ৰূপ লয় ৷ মাতৃয়ে প্ৰথমৱস্থাত পুত্ৰক প্ৰহাৰ কৰে আৰু ইয়াৰ প্ৰত্যুত্তৰত পুত্ৰই লাঠিৰে আক্ৰমণ কৰি মাতৃক হত্যা কৰে ৷ মাতৃক হত্যা কৰা বুলি স্থানীয় লোকে সন্দেহ কৰা লক্ষীৰাম কৰ্মকাৰে দুবছৰ পূৰ্বে পত্নীকো হত্যা কৰাৰ অভিযোগ আছে ৷ 

লগতে পঢ়ক : বজ্ৰপাতত মৃত্যু একেটা পৰিয়ালৰ দুই ভাতৃৰ - Lightning strike in Nalbari

ABOUT THE AUTHOR

...view details