অসম

assam

By ETV Bharat Assamese Team

Published : Jun 23, 2024, 10:00 PM IST

ETV Bharat / videos

সৰ্থেবাৰীত বৃহৎ পৰিমাণৰ গাঞ্জাসহ আটক সৰবৰাহকাৰী - Ganja seized in Sarthebari

বৰপেটা, ২৩ জুন: বৰপেটা জিলাৰ সৰ্থেবাৰীত দেওবাৰে আৰক্ষীৰ জালত পৰিল গাঞ্জা সৰবৰাহকাৰী । জিলাখনৰ সৰ্থেবাৰীত এটা সৰবৰাহকাৰীয়ে আজি দুপৰীয়া সৰবৰাহ কৰাৰ সময়তেই আঢ়ৈ কিলোগ্ৰাম গাঞ্জাসহ আটক কৰে । এ এছ ১৫ এএ ৭৭৩৪ নম্বৰৰ এখন দুচকীয়া বাহনেৰে এটা বস্তাত গাঞ্জাখিনি আমৃখোৱালৈকে নি থাকোতেই আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয় ।

গাঞ্জা সৰবৰাহত জড়িত থকাৰ অভিযোগত হিৰেন ডেকা নামৰ এটা সৰবৰাহকাৰীক সৰ্থেবাৰী থানাৰ আৰক্ষীয়ে অটক কৰে । সৰবৰাহকাৰীটোৱে বৃহৎ পৰিমাণৰ গাঞ্জাখিনি কাৰ পৰা আনিছিল সেই সন্দৰ্ভত কোনো তথ্য সদৰী কৰা নাই । উল্লেখ্য় যে আৰক্ষীয়ে জিলাখনৰ বিভিন্ন ঠাইত ড্ৰাগছ, গাঞ্জা আদিৰ বিৰুদ্ধে তীব্ৰ অভিযান চলাই আহিছে যদিও ইয়াৰ মাজতেই অব্য়াহত এই বেহা ।  

লগতে পঢ়ক:গুৱাহাটীত 4 হাজাৰ কিঃগ্ৰাঃ গাঞ্জা জব্দ আৰক্ষীৰ

হাতীগাঁৱত ভাড়াঘৰৰ পৰা জব্দ বৃহৎ পৰিমাণৰ গাঞ্জা

 

ABOUT THE AUTHOR

...view details