অসম

assam

ETV Bharat / videos

উচ্চতম ন্যায়ালয়ৰ ৰায়দান, শ্বহীদক সুঁৱৰি আছুৰ বন্তি প্ৰজ্বলন

By ETV Bharat Assamese Team

Published : 5 hours ago

কলিয়াবৰ: উচ্চতম ন্যায়ালয়ে নাগৰিকত্ব আইন ৬ ক ধাৰাক সাংবিধানিকভাৱে বৈধ ঘোষণা কৰাৰ ঐতিহাসিক ক্ষণত অসম আন্দোলনৰ জাতীয় শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি জনাই কলিয়াবৰত কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ-সন্থাই অনুষ্ঠিত কৰে বন্তি প্ৰজ্বলন কাৰ্যসূচী । কলিয়াবৰৰ কুঁৱৰীটোলৰ ৰাষ্ট্ৰীয় পথৰ দাঁতিত কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাই জাতীয় শ্বহীদসকলক শ্ৰদ্ধাঞ্জলি জনাই সন্ধিয়া বন্তি প্ৰজ্বলন কৰে ।

বিভিন্ন পক্ষই ঐতিহাসিক অসম চুক্তিক অসমত বিদেশী নাগৰিকৰ চিনাক্তকৰণৰ ভিত্তিবৰ্ষ সন্দৰ্ভত বিৰোধীতা কৰিলেও দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ এই ৰায়ে অসম চুক্তিৰ পুনৰ বৈধতাৰ প্ৰদান কৰিলে বুলি উল্লেখ কৰে আছু কৰ্মকৰ্তাসকলে ।  

উল্লেখ্য যে, ১৯৭১ চনৰ ভিত্তিবৰ্ষ হিচাপে লৈ উচ্চতম ন্যায়ালয়ত অসম সন্মিলিত মহাজাতি সংঘই জনোৱা প্ৰত্যাহ্বান সৰ্বোচ্চ ন্যায়ালয়ে খাৰিজ কৰি বিদেশী নাগৰিকৰ চিনাক্তকৰণৰ ১৯৭১ চনেই ভিত্তিবৰ্ষ হ'ব বুলি ৰায়দান কৰে । ভাৰতৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ নেতৃত্বত পাঁচজনীয়া বিচাৰপীঠে বৃহস্পতিবাৰে নাগৰিকত্ব আইনৰ ৬ ক ধাৰাৰ সাংবিধানিক বৈধতা বাহাল ৰাখে । 

লগতে পঢ়ক: বিদেশী চিনাক্তকৰণ আৰু বহিষ্কাৰৰ ক্ষেত্ৰত এক বাস্তৱ সিদ্ধান্ত: অতুল বৰা

উচ্চতম ন্যায়ালয়ৰ প্ৰত্যক্ষ নিৰীক্ষণত সমাধান কৰা হ’ব অবৈধ অনুপ্ৰৱেশকাৰীৰ সমস্যা

ABOUT THE AUTHOR

...view details