চেন্নাইৰ হস্তশিল্প মহোৎসৱত জিলিকিছে মাজুলীৰ শিল্পকলা - Handicrafts Festival in chennai - HANDICRAFTS FESTIVAL IN CHENNAI
Published : Aug 9, 2024, 12:50 PM IST
মাজুলী, 9 আগষ্ট : চেন্নাইৰ তিৰুনেল ভেলীত অনুষ্ঠিত হৈছে হস্তশিল্প মহোৎসৱ । এই হস্তশিল্প মহোৎসৱত ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ বিভিন্ন হস্তশিল্পৰ সৈতে জড়িত লোকসকলে নিজৰ নিজৰ হস্তশিল্পসমূহ প্ৰদৰ্শন কৰিছে । ভাৰতৰ বিভিন্ন ৰাজ্যৰ লগতে অসমৰ পৰাও এই অনুষ্ঠানত অংশগ্ৰহণ কৰিছে ।
অসমৰ বিভিন্ন হস্তশিল্প কলা যেনে ব্লক প্ৰিন্ট, তাঁতত বোৱা কাপোৰ, পাট আৰু মুগা কাপোৰ, বিভিন্ন ছবি, মেট বোৱা আৰু বাঁহৰ শিল্প সামগ্ৰী, গুটি খোদিত আদি প্ৰদৰ্শন কৰা হয় । ইয়াৰ লগতে মাজুলীৰ চামগুৰি সত্ৰৰ মুখা শিল্প প্ৰদৰ্শন কৰে মুখা শিল্পী খগেন গোস্বামী, দিব্যজ্যোতি গোস্বামী আৰু কৃষ্ণকান্ত বৰাই ।
7 আগষ্টৰ পৰা পাঁচদিনীয়াকৈ অনুষ্ঠিত হৈছে এই হস্তশিল্প মহোৎসৱখনি । অনুষ্ঠানটোত অংশগ্ৰহণ কৰি নিজৰ অনুভৱ ব্যক্ত কৰি মুখা শিল্পী খগেন গোস্বামীয়ে কয়, "তিৰুনেল ভেলী কৰ্তৃপক্ষই গ্ৰহণ কৰা এই পদক্ষেপ প্ৰশংসনীয় ৷ আমাৰ মুখাশিল্পক সুদূৰপ্ৰসাৰী হোৱাৰ কামনা কৰিছে উদ্যোক্তাসকলে । আমিও বহু আগ্ৰহী ৷ আমাৰ গুৰু হেমচন্দ্ৰ গোস্বামীৰ আশীৰ্বাদ লৈ আমি এই স্থানত উপস্থিত হৈছো ৷"