ডাঃ নয়নজ্যোতি শৰ্মালৈ 'যুৱ সাহিত্য অকাদেমি বঁটা' - Sahitya Akademi Yuva Puraskar 2024 - SAHITYA AKADEMI YUVA PURASKAR 2024
Published : Jun 15, 2024, 5:26 PM IST
|Updated : Jun 15, 2024, 6:37 PM IST
নলবাৰী, ১৫ জুন : ২০২৪ বৰ্ষৰ যুৱ সাহিত্য অকাদেমি বঁটাপ্ৰাপকৰ নাম শনিবাৰে ঘোষণা কৰা হৈছে । এইবাৰ যুৱ সাহিত্য অকাদেমি বঁটা আগবঢ়োৱা হৈছে নলবাৰী জিলাৰ চিকিৎসক তথা সাহিত্য়িক ডাঃ নয়নজ্যোতি শৰ্মালৈ । 'জাল কটা জুই'ৰ শ্ৰষ্টা ডাঃ নয়নজ্যোতি শৰ্মাই অসমীয়া বাতৰি কাকতত নিয়মীয়াকৈ লিখা-মেলা কৰি কম দিনৰ ভিতৰতে এগৰাকী লিখক হিচাপে প্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম হৈছে । এই বঁটা লাভ কৰাৰ পিচতেই নলবাৰীত আনন্দৰ জোৱাৰ উঠিছে ।
চৰকাৰী আয়ুৰ্বেদিক চিকিৎসা মহাবিদ্যালয়ৰ পৰা সুখ্যাতিৰে স্নাতক আৰু স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰা নয়নজ্যোতি শৰ্মাই নলবাৰীৰ সমাজ জীৱনৰ লগত জড়িত হৈ আছে । উল্লেখযোগ্য যে ২০২২ চনত প্ৰকাশ পাইছে তেওঁৰ প্ৰথমখন গল্প সংকলন 'জাল কটা জুই '। নলবাৰীৰ এখন ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত কৰ্মৰত হৈ আছে নয়নজ্যোতি শৰ্মা । তেওঁ এই বঁটা লাভ কৰাৰ পিচতে সকলো পাঠক-পাঠিকাক কৃতজ্ঞতা জ্ঞাপন কৰে ।
উল্লেখযোগ্য যে ২০১৬ চনৰ পৰা বাতৰি কাকতৰ মাধ্যমৰে লিখাৰ লগত নিয়মীয়াকৈ জড়িত হৈ আছিছে ডাঃ নয়নজ্যোতি শৰ্মা । নলবাৰীৰ জাপাৰকুছিৰ নয়নজ্যোতি শৰ্মাই সৰুৰে পৰা সাহিত্য়ৰ সৈতে জড়িত হৈ পৰে ।