কাম কৰি থাকোঁতেই যুৱকৰ কাষ পালেহি বনৰজা...তাৰ পিচত ঘটিল আচৰিত কাণ্ড - Royal Bengal Tiger Terror - ROYAL BENGAL TIGER TERROR
Published : Jul 17, 2024, 9:48 AM IST
কলিয়াবৰ, ১৭ জুলাই : কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা তিনিটা ঢেকীয়াপতীয়া বাঘে বিগত কেইবাদিনো ধৰি শিলঘাট কামাখ্যা সংৰক্ষিত পাহাৰ বনাঞ্চল আৰু কলিয়াবৰ চাহ বাগিচাত বিচৰণ কৰি আছে । বন বিভাগৰ লগতে স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰিছে বাঘকেইটা । শেহতীয়াভাৱে কামাখ্যা গাঁৱৰ এজন যুৱক বাঘৰ আক্ৰমণৰ পৰা কোনোমতে ৰক্ষা পৰে ।
গাঁওখনৰ সমীপৰ তিনিজন যুৱকে খোজকাঢ়ি গৈ থাকোতেই তেওঁলোকৰ পিছফালেই উপস্থিত হয় বনৰজা । বাঘৰ মুখৰ পৰা প্ৰাণটো বচাবলৈ যুৱককেইজনে চিঞৰ-বাখৰ কৰি দৌৰিবলৈ আৰম্ভ কৰে । দুজনে দৌৰি যাবলৈ সক্ষম হয় যদিও এজন যুৱকৰ ওচৰত বাঘটো উপস্থিত হোৱাত উৱাদি নোপোৱা অৱস্থা হয় । অৱশ্য়ে বাঘটোৱে যুৱকজনক আক্ৰমণ নকৰি অন্য দিশত গতি কৰাতহে ৰক্ষা পৰে যুৱকজনৰ ।
আনহাতে, বন বিভাগে সংস্থাপন কৰা চেঞ্চৰ কেমেৰাত এই পৰ্যন্ত বাঘৰ গতি-বিধি ধৰা পৰা নাই । অৱশ্যে বন বিভাগৰ এটা তহলদাৰী গোটেও বাঘ প্ৰত্যক্ষ কৰা বুলি কয় ।