অসম

assam

ETV Bharat / videos

জগন্নাথ ৰথ যাত্ৰা: দ্বিতীয় দিনাও ওড়িশাৰ পুৰীত অগণন ভক্তৰ সমাগম - Rath Yatra 2024

By ETV Bharat Assamese Team

Published : Jul 8, 2024, 9:39 AM IST

Updated : Jul 8, 2024, 2:49 PM IST

দেওবাৰৰ পৰা আৰম্ভ হৈছে জগন্নাথ ৰথ যাত্ৰা । ৰথ যাত্ৰাৰ আজি দ্বিতীয়টো দিন । ওড়িশাৰ পুৰীত অতি আড়ম্বৰপূৰ্ণভাৱে আয়োজন কৰা হয় পৃথিৱী বিখ্যাত এই ৰথ যাত্ৰা ৷ প্ৰত্যেকবাৰৰ দৰে এইবাৰো ওড়িশাৰ পুৰীত অতি ধূমধামেৰে আয়োজন কৰা দেশৰ অটাইতকৈ বৃহৎ এই ধৰ্মীয় উৎসৱলৈ বহু ভক্তৰ সমাগম হোৱা পৰিলক্ষিত হৈছে ৷ একপ্ৰকাৰে কৃষ্ণৰ বন্দনাত মুখৰ হৈছে ওড়িশাৰ পুৰী ধাম ৷ 9 দিনৰ বাবে চলিব এই মহান ধৰ্মীয় অনুষ্ঠান ৷ ফুলেৰে সুসজ্জিত কৰি তোলা হৈছে ভগৱান শ্ৰীকৃষ্ণ, বলোভদ্ৰ আৰু সুভদ্ৰাৰ ৰথ তিনিখন ৷ তিনিখন ৰথৰ নাম ক্ৰমে নন্দিঘোষা, তালধ্বজা আৰু দৰ্পনদালান ৷ আজি এই যাত্ৰা শ্ৰীগুণ্ডিচা মন্দিৰত উপস্থিত হ’ব । জানিব পৰা মতে, দেওবাৰে ৰথখন মাত্ৰ 5 মিটাৰ আগুৱাই গৈছিল । সূৰ্যাস্তৰ পিচত ৰথ চলোৱা নহয়, সেয়েহে দেওবাৰে সন্ধিয়া আদবাটতে ৰথবোৰ ৰখাই দিয়া হৈছিল ৷
Last Updated : Jul 8, 2024, 2:49 PM IST

ABOUT THE AUTHOR

...view details