ETV Bharat / state

ভূটানৰ পাদদেশৰ অসম সীমান্ত হৈ পৰিছে সুমথিৰাৰে ৰঙেৰে ৰঙীন - ORANGES FROM BHUTAN

কমলা খাবলৈ মন গৈছে যদি আহক বাক্সালৈ । বাক্সাৰ বৰমাৰ বজাৰ ভৰিছে ভূটানৰ কমলাৰে ।

Baksa market has become a tributary of Bhutan's oranges
ভুটানৰ কমলাৰে উভৈনদী বাক্সাৰ বজাৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : 17 hours ago

বাক্সা: কমলা, ৰবাব টেঙা আদিৰ আদৰ এতিয়া বৃদ্ধি পাইছে ৰাজ্যত । এইহেন শীতৰ বতৰত ৰ'দত বহি কমলাৰ সোৱাদ লোৱাৰ আমেজেই সুকীয়া । ইফালে বজাৰো উভৈনদী হৈ পৰিছে কমলাৰে । ইয়াৰ মাজতে বাক্সাৰ বজাৰসমূহ ভৰি পৰিছে এবিধ বিশেষ কমলাৰে । চুবুৰীয়া ৰাষ্ট্ৰ ভূটানৰ কমলাৰে ভৰি পৰিছে অসমৰ বজাৰ । বাক্সা জিলাৰ ভাৰত-ভুটান সীমান্তৰ চিমলা দাওঁধাৰাত ভুটানৰ পৰা অহা কমলা এতিয়া উভৈনদী হৈ পৰিছে ।

ভূটানৰ নামলং, পানবাং অঞ্চলত কমলা প্ৰচুৰ উৎপাদন হয় । ভূটীয়া লোকসকলে কমলা টেঙা গাড়ীৰে আনি সীমান্তৱৰ্তী দাওঁধাৰাত বিক্ৰী কৰে আৰু ইয়াৰ পৰাই কমলা টেঙাবোৰ স্থানীয় বেপাৰীসকলে অসমৰ বিভিন্ন ঠাইলৈ বিক্ৰীৰ বাবে লৈ যায় । কমলাবোৰ কাউণ্ট হিচাপত স্থানীয় বিক্ৰেতা সকলে কিনি লয় আৰু খুচুৰা বেপাৰী সকলে পোণ হিচাপত বিক্ৰীৰ বাবে লৈ যায় । এক পোণত ২০০ শ ৰ পৰা ৩০০ শ টকালৈকে লাভ হয় ।

ভুটানৰ কমলাৰে উভৈনদী বাক্সাৰ বজাৰ (ETV Bharat Assam)

বিশেষকৈ কোকৰাঝাৰ, গুৱাহাটী, ধুবুৰী, গোৱালপাৰা, মৰিগাঁও, বৰপেটাৰ পৰা অহা বেপাৰীয়ে কমলা বিক্ৰীৰ বাবে লৈ যায় । যিহেতু চুবুৰীয়া ৰাষ্ট্ৰ ভূটানত প্ৰৱেশৰ কাৰণে বাধা আৰোপ আছে তেনেস্থলত ভূটীয়াসকলে গাড়ীৰে সীমান্ত পাৰ হৈ চিমলাৰ দাওঁধাৰালৈ কমলাবোৰ লৈ আহে । ইয়াত স্থানীয় লোকসকলে গুদাম খুলি কমলাবোৰ পাইকাৰী দৰত কিনি লয় । অসমৰ বিভিন্ন ঠাইৰ বেপাৰী চিমলাৰ দাওঁধাৰালৈ আহি ভূটানৰ কমলা বিক্ৰীৰ বাবে লৈ যায় ।

ভূটানৰ কমলাৰ সোৱাদেই সুকীয়া । সেয়েহে ভূটানৰ কমলা বুলি ক’লে গ্ৰাহকে হেতাওপৰা কৰি এবাৰলৈও নভবাকৈ ক্ৰয় কৰি লৈ যায় । অসমৰ চিলাপথাৰ, ধুবুৰী, তেজপুৰ, মৰিগাঁও, বৰপেটা, বাক্সাৰ বিভিন্ন ঠাইত কমলা উৎপাদন হয় যদিও ভূটানত উৎপাদিত কমলাবোৰৰ আছে এক সুকীয়া সোৱাদ । অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ উপৰি চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশ আৰু অন্য বহু দেশলৈ পূৰ্বৰে পৰা ৰপ্তানি হৈ আহিছে ভূটানৰ এই কমলা ।

আন্তঃৰাষ্ট্ৰীয় বজাৰত ভূটানৰ কমলাৰ আছে এক সুকীয়া স্থান । যাৰ বাবে এই কমলাৰ সোৱাদ ল'বলৈ বৰমাৰ বজাৰতো ভিৰ কৰে গ্ৰাহকে । কিছু দামবৃদ্ধি হ'লেও ভূটানৰ ৰসাল কমলা ক্ৰয় কৰিছে গ্ৰাহকে । এই সন্দৰ্ভত এজন বিক্ৰেতাই কয়,"আমি কমলাবোৰ পোণ হিচাপত বিক্ৰী কৰোঁ । আমাৰ যথেষ্ট লাভ হয় । প্ৰতি পোণত ২০০ টকাকৈ লাভ থাকে । আমাৰ পৰিয়ালসমূহ এই দৰেই পোহপাল দি আহিছোঁ ।"

আন এজন বিক্ৰেতাই কয়,"আমি ৫০-৬০ জন বেপাৰীয়ে এই ব্যৱসায়টো কৰি আছোঁ । কিবাকে পৰিয়ালটো চলাই আছোঁ আমি । এইটো তিনিমাহৰ বেপাৰ । আঘোণৰ পৰা চলে, আঘোণ, পুহ, মাঘ আৰু ফাগুণলৈকে চলে । ভুটানৰ কমলা বুলি ক'লে খাই বিৰাট ভাল পাই আৰু বৰ সোৱাদযুক্ত । এবাৰ খালে দুবাৰ খাবলৈ মন যায় । নাংলামৰ নিচিনা কমলা ক'তো নাপাব ।"

লগতে পঢ়ক: কাঠফুলা বুলি ক’লে নাখায় মাছৰুম বুলিলেহে খায় একাংশ মানুহে: এজন কৃষকৰ মনৰ কথা - MUSHROOM FARMING

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.