অসম

assam

ETV Bharat / videos

শিৱসাগৰতো আকাশে-বতাহে ৰাম ৰাম ধ্বনি - শিৱসাগৰৰ ৰাম মন্দিৰত শোভাযাত্ৰা

By ETV Bharat Assamese Team

Published : Jan 21, 2024, 9:21 PM IST

শিৱসাগৰ, ২১ জানুৱাৰী : বহু প্ৰত্যাশিত ৰাম মন্দিৰৰ ৰামলালাৰ প্রাণ প্রতিষ্ঠা উপলক্ষে সমগ্ৰ দেশতে বিৰাজ কৰিছে এক উৎসৱমুখৰ পৰিৱেশ । দেশৰ লগতে ৰাজ্যৰ প্ৰতিটো প্ৰান্ততে ৰামৰ প্রাণ প্রতিষ্ঠাক লৈ বিৰাজ কৰিছে এক উখল-মাখল পৰিৱেশ । ব্যতিক্ৰম নহয় শিৱসাগৰ জিলা । শিৱসাগৰ জিলাতো বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰা হৈছে । অযোধ্যাৰ নৱনির্মিত ৰাম মন্দিৰত ভগবান ৰামলালাৰ প্রাণ প্রতিষ্ঠা উপলক্ষে শিৱসাগৰৰ বিভিন্ন মঠ-মন্দিৰ চাফাই কৰা কামত জড়িত হৈ পৰিছে দল-সংগঠনৰ লগতে জিলাখনৰ লোকসকল ।

শিৱসাগৰ জি এন জি ৰোডত অৱস্থিত ৰাম মন্দিৰত শনিবাৰৰ পৰা অনুষ্ঠিত হৈছে বিভিন্ন কাৰ্যসূচী । সেই কাৰ্যসূচী অনুসৰি এক ধৰ্মীয় শোভাযাত্ৰা উলিওৱা হয় । তদুপৰি আজিৰে পৰা ২৪ ঘণ্টাৰ বাবে ৰামায়ণ পাঠ কৰাৰ লগতে বিভিন্ন কাৰ্যসূচী আয়োজন কৰা হৈছে ।

লগতে পঢ়ক: হোজাইত ৰামলালাৰ প্রাণ প্রতিষ্ঠা উপলক্ষে চাফাই অভিযান

ABOUT THE AUTHOR

...view details