অসম

assam

By ETV Bharat Assamese Team

Published : Mar 5, 2024, 8:11 PM IST

ETV Bharat / videos

সংখ্যালঘুৰ চৰকাৰেই হৈছে বিজেপি চৰকাৰ: নোমল মমিন

নগাঁও,৫ মাৰ্চ: সংখ্যালঘু ভোটাৰৰ সংখ্যা অধিক থকা নগাঁও লোকসভা সমষ্টিৰ প্ৰাৰ্থী সুৰেশ বৰাৰ হৈ নিৰ্বাচনী প্ৰচাৰত নামিল অসম বিধানসভাৰ উপাধ্যক্ষ নোমল মমিনৰ লগতে মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰী । মঙলবাৰে নগাঁৱৰ বিজেপি কাৰ্যালয়ত উপস্থিত হৈ দলীয় নেতা-কৰ্মীৰ সৈতে এক বৈঠকত মিলিত হয় বিজেপিৰ দুই বিধায়ক ৰমাকান্ত দেউৰী আৰু ডাঃ নোমল মমিন । দলীয় কাৰ্যকৰ্তাৰ সৈতে আলোচনাৰ অন্তত সংবাদ মধ্যমৰ সন্মুখত মন্তব্য কৰে দুয়োগৰাকী বিধায়কে । বিশেষকৈ নগাঁও লোকসভা সমষ্টিৰ সংখ্যালঘু ভোটাৰক আকৰ্ষিত কৰাৰ চেষ্টা অব্যাহত ৰাখিছে বিজেপি নেতাই ।  

নগাঁৱত উপস্থিত হৈ সংবাদ মাধ্যমৰ সন্মুখত বিধায়ক ডাঃ নোমল মমিনৰ মন্তব্য । সংখ্যালঘুৰ চৰকাৰেই হৈছে বিজেপি চৰকাৰ । বিজেপি নেতৃত্বাধীন চৰকাৰৰ দিনতেই সংখ্যালঘু ৰাইজে সৰ্বাধিক আঁচনি লাভ কৰা বুলিও উল্লেখ কৰে বিধায়ক ডাঃ নোমল মমিনে । লগতে তেওঁ কয় যে এইবাৰ নৰেন্দ্ৰ মোদীৰ ঢৌৰ বাবেই বিজেপিক ভোট দিব সংখ্যালঘু ভোটাৰে । লগতে ৰমাকান্ত দেউৰীয়ে প্ৰতিনিধিত্ব কৰা মৰিগাঁও সমষ্টিৰ পৰা বিৰোধীতকৈ ৫০ হাজাৰ অধিক ভোট বিজেপি প্ৰাৰ্থী সুৰেশ বৰাই লাভ কৰিব বুলিও মন্তব্য কৰে বিধায়ক ৰমাকান্ত দেউৰীয়ে । 

লগতে পঢ়ক: ডিব্ৰুগড়ত সৰ্বানন্দ সোণোৱালক প্ৰাৰ্থিত্ব দিয়াত বিৰোধী পলাই পত্ৰং দিছে : পবিত্ৰ মাৰ্ঘেৰিটা

ABOUT THE AUTHOR

...view details