অসম

assam

ETV Bharat / videos

জোনাইত উদ্ধাৰ প্ৰকাণ্ড অজগৰ

By ETV Bharat Assamese Team

Published : 6 hours ago

জোনাই, ৮ অক্টোবৰ : ধেমাজি জিলাৰ জোনাইৰ উজনি বিজয়পুৰ গাঁৱত উদ্ধাৰ প্ৰকাণ্ড অজগৰ । মঙলবাৰে পুৱাই গাঁওখনৰ এজন লোকৰ ঘৰৰ বাৰীৰ চুকত উদ্ধাৰ হয় এই প্ৰকাণ্ড অজগৰডাল । প্ৰায় ৯ ফুট দীঘল আৰু ১২ কেজি ওজনৰ অজগৰডাল প্ৰথমতে গাঁৱৰ ৰাইজে প্ৰত্যক্ষ কৰে এজন লোকৰ ঘৰৰ বাৰীৰ চুকত ।  

ইফালে,অজগৰডাল দেখাৰ লগে লগে গাঁৱৰ ৰাইজে উদ্ধাৰ কৰি জোনাই বন বিভাগৰ লোকক খবৰ দিয়ে । লগে লগে ঘটনাস্থলীত বন বিভাগৰ লোকে উপস্থিত হৈ অজগৰডাল উদ্ধাৰ কৰে । গাঁওখনৰ কেইগৰাকীমান প্ৰকৃতিপ্ৰেমীয়ে অজগৰডালৰ কোনো অনিষ্ট নোহোৱাকৈ বন বিভাগক খবৰ দিয়াত  ইয়াৰ বন বিভাগৰ লোকে অজগৰডাল উদ্ধাৰ কৰি জোনাইৰ পবা সংৰক্ষিত বনাঞ্চলত মুকলি কৰি দিয়ে ।

লগতে পঢ়ক:যোৰহাটত ৩২ কেজি ওজনৰ প্ৰকাণ্ড অজগৰ উদ্ধাৰ - python recovered in Jorhat

সৰ্পবন্ধু প্ৰসন্নদ্বীপ বৰদলৈয়ে উদ্ধাৰ কৰিলে প্ৰকাণ্ড অজগৰ - Rescue Of Pythons At Golaghat

ABOUT THE AUTHOR

...view details