বৈজ্ঞানিকভাৱে মথাউৰি নিৰ্মাণৰ দাবীত প্ৰতিবাদ - মথাউৰি নিৰ্মাণৰ দাবী
Published : Feb 29, 2024, 11:30 AM IST
ধেমাজি,২৯ ফেব্ৰুৱাৰী: ধেমাজিৰ অন্যতম চকুলো গাইনদী ৷ গাইনদীসৃষ্ট দীৰ্ঘদিনীয়া বান সমস্যা সমাধানৰ বাবে শেহতীয়াকৈ ধেমাজি জলসম্পদ বিভাগে চুমনি গাঁৱৰ পৰা আমগুৰি গাঁৱলৈকে নিৰ্মাণ কৰা মঠাউৰিটোক লৈ ক্ষোভ অঞ্চলবাসীৰ ৷ ৰাইজৰ দাবী, প্ৰবাহিত গাইনদীৰ সুঁতি বন্ধ কৰি অবৈজ্ঞানিকভাৱে মথাউৰি নিৰ্মাণ কৰিছে ধেমাজি জলসম্পদ বিভাগে ৷ যাৰ ফলত বৃহত্তৰ চিচিবৰগাঁৱৰ এক বৃহৎ অঞ্চল বানৰ দ্বাৰা বিধ্বস্ত হোৱাৰ শংকা কৰে ৰাইজে ৷ বিভাগীয় কৰ্তৃপক্ষক বাৰে বাৰে দৃষ্টিগোচৰ কৰাৰ পিছতো কৰ্তৃপক্ষই গুৰুত্ব নিদিয়াত বুধবাৰে অঞ্চলটোৰ ৰাইজে ধেমাজি জিলা জাতীয়তাবাদী যুৱ পৰিষদৰ সহযোগত ঘেৰাও কৰে ধেমাজি জলসম্পদ বিভাগৰ কাৰ্যালয় ৷
প্ৰথমে ধেমাজি তিনিআলিৰ পৰা বৃহৎ প্ৰতিবাদী সমদল বাহিৰ কৰি ধেমাজি জলসম্পদ বিভাগৰ কাৰ্যালয়ৰ প্ৰৱেশদ্বাৰত বিভাগটোৰ বিৰুদ্ধে বিভিন্ন শ্ল'গান দি সমগ্ৰ পৰিৱেশ উত্তপ্ত কৰি তোলে ৷ প্ৰায় দুই শতাধিক প্ৰতিবাদীয়ে এঘণ্টাধৰি বিভাগীয় কাৰ্যালয় ঘেৰাও কৰি কাৰ্যালয়ৰ কাম-কাজ অচল কৰি তোলে ৷ ইপিনে প্ৰতিবাদীয়ে ইমানৰ পিছতো যদি বিভাগীয় কৰ্তৃপক্ষৰ গা-নলৰে তেন্তে ভৱিষ্যতে জংগী আন্দোলন কৰাৰ হুংকাৰ দিয়ে প্ৰতিবাদকাৰীসকলে ৷
লগতে পঢ়ক: চিৰাঙৰ পাটাবাৰী ভিচিডিচি কাৰ্যালয়ত তলা ওলোমালে ৰাইজে