হনুমান চালিশা পাঠেৰে বাংলাদেশত সংখ্যালঘুৰ ওপৰত হোৱা অত্যাচাৰৰ বিৰুদ্ধে প্ৰতিবাদ - Bangladesh Crisis - BANGLADESH CRISIS
Published : Aug 11, 2024, 5:23 PM IST
কৰিমগঞ্জ, ১১ আগষ্ট: বাংলাদেশত সংখ্যালঘু সম্প্ৰদায়ৰ ওপৰত হোৱা অত্যাচাৰৰ বিৰুদ্ধে এইবাৰ কৰিমগঞ্জ চহৰত গৰজি উঠিল হিন্দু সমাজ । দেওবাৰে হিন্দুৰক্ষী বাহিনীৰ আহ্বানত আৰম্ভ হোৱা 'বাংলাদেশ চলো' আন্দোলনত যোগদান কৰে জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা অহা সহস্ৰাধিক লোকে । মূৰত ক’লা কাপোৰ বান্ধি হাতে হাতে প্লেকাৰ্ড লৈ কৰিমগঞ্জ মহাবিদ্যালয়ৰ খেলপথাৰৰ পৰা সুতাৰকান্দিলৈ প্ৰতিবাদকাৰীসকলে এই সমদল উলিয়ায় ।
প্ৰথম অৱস্থাত আৰক্ষীয়ে প্ৰতিবাদকাৰীসকলক কৰিমগঞ্জ মহাবিদ্যালয়ৰ সম্মুখত বেৰিকেডেৰে ৰখাবলৈ চেষ্টা কৰাৰ সময়ত আৰক্ষী আৰু প্ৰতিবাদকাৰীসকলৰ মাজত ঠেলা হেঁচা হয় । উত্তেজিত প্ৰতিবাদকাৰীসকলে বেৰিকেড উফৰাই বাংলাদেশৰ বিৰুদ্ধে শ্লোগান দিয়ে । এসময়ত ব্ৰীজ ৰোড'ত আৰক্ষীয়ে প্ৰতিবাদকাৰীসকলক প্ৰতিহত কৰিবলৈ সক্ষম হয় ।
প্ৰতিবাদকাৰী সকলে সেই ঠাইতো 'বাংলাদেশ মূৰ্দাবাদ' ধ্বনিৰে পৰিস্থিতি উত্তপ্ত কৰি তোলে । বাংলাদেশত প্ৰৱেশ কৰি আনকি দেশখনক ভাৰতত অন্তৰ্ভুক্ত কৰাৰো ভাবুকি প্ৰদান কৰে প্ৰতিবাদকাৰীসকলে । অৱশেষত পথৰ ওপৰত হনুমান চালিশা পাঠ কৰি প্ৰতিবাদী কাৰ্যসূচী সমাপ্ত কৰে ক্ষুব্ধ জনতাই ।