ডাম্পিং গ্ৰাউণ্ডে ৰুগীয়া কৰিছে টংলাবাসীক - টংলা পৌৰ নিগম
Published : Feb 7, 2024, 12:09 PM IST
ওদালগুৰি, 7 ফেব্ৰুৱাৰী : জনস্বাস্থ্যৰ প্ৰতি তীব্ৰ ভাবুকি নমাই আনিছে এখন ডাম্পিং গ্ৰাউণ্ডে । ওদালগুৰি জিলাৰ টংলা চহৰৰ জাৱৰ-জোঁথৰবোৰ বৰজলাহ নামৰ গাঁওখনত বিগত পাঁচ বছৰ ধৰি পেলাই অহাৰ ফলশ্ৰুতিত জাৱৰ জোঁথৰৰ পৰা নিৰ্গত দুৰ্গন্ধই জনবহুল এলেকাত সৃষ্টি কৰিছে এক অৰ্বণনীয় পৰিৱেশৰ ।
অসহ্যকৰ দুৰ্গন্ধৰ বাবে গাঁওখনৰ মাজেৰে কোনো মানুহ আহিব নোৱাৰাৰ লগতে তাৰ মানুহে সুখেৰে এসাজ ভাতো খাব নোৱাৰে ৷ আনকি কণ কণ ল’ৰা-ছোৱালীসমূহ বিভিন্ন অচিন ৰোগত আক্ৰান্ত হৈছে বুলিও স্থানীয় লোকে সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে । ইফালে এই গাঁওখনৰ শ্মশানৰ সমীপতে অতি অবৈজ্ঞানিকভাৱে টংলা পৌৰ নিগমে জাৱৰসমূহ পেলোৱাৰ ফলত গাঁওখনৰ মাজেৰে বৈ যোৱা নৈখনো সম্পূৰ্ণৰূপে প্ৰদূষিত হৈ পৰিছে বুলি অভিযোগ উত্থাপিত কৰিছে স্থানীয় ৰাইজে ।
জানিব পৰা মতে, ইতিমধ্যে গাঁওখনৰ বহু মানুহ আক্ৰান্ত হৈছে হৃদৰোগত । গাঁওখনৰ লোকে ড্ৰাম্পিং গ্ৰাউণ্ডটো অইন ঠাইলৈ স্থানান্তৰ কৰিবলৈ বাৰম্বাৰ দাবী জনোৱাৰ পিচতো পৌৰ নিগমে কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰা বুলি অভিযোগ তুলিছে স্থানীয় লোকে ।
লগতে পঢ়ক: 15 বছৰীয়া ডাম্পিং গ্ৰাউণ্ড পৰিণত হ’ব সুন্দৰ উদ্যানলৈ