'ফুলনি' ত এজাক কণমানি: শিশু দিৱসৰ ব্যতিক্ৰমী চিন্তা - CHILDRENS DAY IN HOJAI
Published : Nov 14, 2024, 7:36 PM IST
হোজাই: এক ব্যতিক্ৰমী পৰিৱেশত বৃহস্পতিবাৰে শিশু দিৱস উদযাপন কৰা হয় হোজাই জিলাৰ কাকীৰ এখন চৰকাৰী প্ৰাথমিক বিদ্যালয়ত । ৩ নং কাকী ৫ নং গাঁও নতুন প্ৰাথমিক বিদ্যালয়ে । বিদ্যালয়খনৰ কণ কণ ছাত্ৰ-ছাত্ৰীৰ প্ৰতিভাক বিকশাই তুলিবৰ বাবে ছাত্ৰ-ছাত্ৰীৰ লিখনিৰে বিদ্যালয়খনৰ সহ-শিক্ষয়িত্ৰী ভূমিতা বেজে নিজা খৰচ আৰু প্ৰচেষ্টাত সজাই পৰাই উলিয়াইছে বিদ্যালয়খনৰ এখন মুখপত্ৰ 'ফুলনি' ।
শিশু দিৱসৰ দিনা শিশুৰ লিখনিৰে প্ৰকাশ কৰি উলিওৱা 'ফুলনি' মুখপত্ৰখন ছাত্ৰ-ছাত্ৰী, অভিভাৱকৰ উপস্থিতিত উন্মোচন কৰা হয় । দ্বিতীয় বৰ্ষত প্ৰকাশ হৈ ওলোৱা 'ফুলনি' মুখপত্ৰখন ৩নং কাকী ৫ নং গাঁও নতুন প্ৰাথমিক বিদ্যালয়ৰ এক পৰিচয় হৈ পৰিছে । উল্লেখ্য যে, ২০২৩ বৰ্ষত প্ৰথমবাৰৰ বাবে 'ফুলনি' মুখপাত্ৰখনখনে জন্ম লাভ কৰিছিল । প্ৰথমবাৰৰ বাবে, কণ কণ ছাত্ৰ-ছাত্ৰীসকলেও প্ৰাথমিক বিদ্যালয়ৰ পৰাই সুযোগ সুবিধা লাভ কৰিলে নিজৰ সৃজনীক বিকশাই তুলিবৰ বাবে ।