অসম

assam

ETV Bharat / videos

প্ৰতিমা বিসৰ্জনৰ বাবে সাজু নুনমাটি জয়পুৰঘাট

By ETV Bharat Assamese Team

Published : Oct 11, 2024, 9:33 PM IST

গুৱাহাটী, ১১অক্টোবৰ: দুৰ্গা পূজাৰ সমান্তৰালকৈ গুৱাহাটী মহানগৰীৰ প্ৰতিমা বিসৰ্জনস্থলীসমূহত বিশেষ গুৰুত্ব আৰোপ কৰিছে মহানগৰ জিলা প্ৰশাসনে । দেৱীৰ প্ৰতিমা বিসৰ্জনৰ বাবে জিলা প্ৰশাসনে নিৰ্ধাৰণ কৰা অন্যতম বিসৰ্জনস্থলী মহানগৰীৰ চুনচালিৰ জয়পূৰ ঘাটত ইতিমধ্যে প্ৰস্তুতি আৰম্ভ কৰিছে ।

জিলা প্ৰশাসনৰ উদ্যোগত তৎপৰ হৈছে চূণচালি-জয়পুৰ বিসৰ্জনঘাট কমিটী, নুনমাটি আৰক্ষী থানাৰ কটকটীয়া নিৰাপত্তা ব্যৱস্থা, আভ্যন্তৰীণ জল পৰিবহণ নিগম, নুনমাটি কেন্দ্ৰীয় নাগৰিক সমিতি, নুনমাটি গাঁওৰক্ষী বাহিনী । বিসৰ্জনঘাটত অৰ্ধশতাধিক শ্ৰমিকে কাম কৰাৰ অন্তত প্ৰায় ৮০ শতাংশ প্ৰস্তুতি ইতিমধ্যে সম্পন্ন হৈছে ।

কামৰূপ মহানগৰ জিলা প্ৰশাসনে নিৰ্ধাৰণ কৰা মহানগৰীৰ অন্যান্য ঘাটসমূহৰ লগতে বিশেষভাৱে চিহ্নিত চূণচালি জয়পূৰ ঘাটৰ দুৰ্গোউৎসৱৰ প্ৰতিমা বিসৰ্জন কাৰ্য সুচাৰুৰূপে সম্পন্ন হোৱাত গুৰুত্ব আৰোপ কৰিছে । উল্লেখ্য় যে বিগত বৰ্ষত মহানগৰীৰ ভিন্ন প্ৰান্তৰ পৰা এই ঘাটটোত ৪২ খন প্ৰতিমা বিসৰ্জন দিয়া হৈছিল । এইবেলিও ২৫ৰ পৰা ৩০খন প্ৰতিমা বিসৰ্জন হ'ব বুলি আশা প্ৰকাশ কৰিছে ।  

বিজয়া দশমীৰ প্ৰতিমা বিসৰ্জনৰ দিনা নিৰাপত্তাৰ বাবে এখন জাহাজ, এছ ডি আৰ এফ আৰু আৰক্ষীৰ উপৰি অৰ্দ্ধ শতাধিক স্বেচ্ছাসেৱক নিয়োগ কৰা হৈছে । আনহাতে, নিৰাপত্তাজনিত কাৰণত পূজা সমিতিৰ লোকক ঘাটৰ ওচৰলৈ যাবলৈ দিয়া নহ'ব বুলি উল্লেখ কৰিছে বিসৰ্জনঘাট কমিটীয়ে ।

লগতে পঢ়ক:শক্তিপীঠৰ পষেকীয়া দুৰ্গোৎসৱত ভক্তৰ ভিৰ, ৩ ঘণ্টাৰ বাবেহে খোলা মন্দিৰৰ দুৱাৰ

আজি কেৱল পূজা, আজি মই 'পলিটিকেল' কথা কোৱা নাই : মুখ্যমন্ত্ৰী

ABOUT THE AUTHOR

...view details