অসম

assam

ETV Bharat / videos

ৰাষ্ট্ৰীয় পৰ্যায়ত পুনৰ উজলিল স্বৰ্ণ পদক বিজয়ী নিশামণি বৰা - All india windsurfing Championship - ALL INDIA WINDSURFING CHAMPIONSHIP

By ETV Bharat Assamese Team

Published : Jun 11, 2024, 7:44 AM IST

সৰুপথাৰ, 11 জুন: ৰাজ্যৰ ক্ৰীড়া জগতখনৰ বাবে সুখবৰ ৷ পুনৰ ৰাষ্ট্ৰীয় পৰ্যায়ত কৃতিত্ব আৰ্জিলে অসম সন্তানে ৷ উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমগৰাকী মহিলা চেইলৰ সৰুপথাৰৰ নিশামণি বৰাই পুনৰ লাভ কৰিলে স্বৰ্ণ পদক । 

5 জুনৰ পৰা 9 জুনলৈ চেন্নাইত তামিলনাড়ু চেইলিং এছ'চিয়েশ্যনে অনুষ্ঠিত কৰিছিল All India windsurfing Championship প্ৰতিযোগিতাৰ ৷ এই প্ৰতিযোগিতাৰ মহিলা শাখাত সৰুপথাৰ নগাজৰি গাঁৱৰ নিশামণি বৰাই লাভ কৰিবলৈ সক্ষম হৈছে এই পদক । এই প্ৰতিযোগিতাত দেশৰ কেবাখনো ৰাজ্যৰ চেইলাৰে অংশগ্ৰহণ কৰিছিল । সৰুপথাৰৰ পৰা গৈ নিশামণিয়ে ইতিমধ্যে উত্তৰ-পূৰ্বাঞ্চলৰ এগৰাকী চেইলৰ হিচাপে প্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম হৈছে ।

উল্লেখ্য যে, ইয়াৰ পূৰ্বে মহাৰাষ্ট্ৰৰ গোৱাত 1 মে' ৰ পৰা 4 মে'লৈ অনুষ্ঠিত হৈছিল ৰাষ্ট্ৰীয় পৰ্যায়ৰ "Indian Navy open windsurfing Championship" ত উইণ্ড-চাৰ্ফিং প্ৰতিযোগিতা । ইয়াতো উইণ্ড-চাৰ্ফিং প্ৰতিযোগিতাত স্বৰ্ণ জয় কৰিবলৈ সক্ষম হৈছিল অসম কন্যা নিশামণি বৰাই । সাগৰৰ বুকুত অসমীয়াৰ স্বাভিমান গামোচা উৰুৱাবলৈ সক্ষম হৈছিল নিশামণি বৰাই ।

লগতে পঢ়ক: মাৰ্চিয়েল চেম্পিয়নশ্বিপত অসম সন্তানৰ কৃতিত্ব - MMA Championships 2024 in Siliguri

ABOUT THE AUTHOR

...view details