অসম

assam

ETV Bharat / videos

অগ্নিশৰ্মা অখিল গগৈ : ঠিকাদাৰ নাহিল, প্ৰজেক্ট মেনেজাৰকে ধমক - Akhil Gogoi warns contractor - AKHIL GOGOI WARNS CONTRACTOR

By ETV Bharat Assamese Team

Published : Jun 17, 2024, 7:20 PM IST

শিৱসাগৰ,১৭ জুন : শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ খং উঠিল ঠিকাদাৰৰ কামৰ নমুনা দেখি । সোমবাৰে পুৱাই পথ নিৰ্মাণৰ কাম পৰিদৰ্শন কৰি ক্ষোভিত হৈ পৰে অখিল গগৈ । উল্লেখ্য যে শিৱসাগৰ চহৰৰ পৰা শিমলুগুৰি সংযোগী ১৮ কিলোমিটাৰ দৈৰ্ঘৰ পথৰ পুনৰ নিৰ্মাণৰ বাবে দুবছৰ পূৰ্বে শিৱা হাৰলালকাৰ ঠিকাদাৰী প্ৰতিষ্ঠানক ঠিকা দিয়া হৈছিল । ১২১.০৯ কোটি টকা ব্যয় সাপেক্ষ এই পথটোৰ পুনৰ নিৰ্মাণৰ কাম যোৱা জানুৱাৰী মাহতে সম্পূৰ্ণ কৰিব লাগিছিল যদিও এই পৰ্যন্ত মাত্ৰ ১৪ শতাংশ কামহে সম্পূৰ্ণ কৰিছে প্ৰতিষ্ঠানটোৱে ।

লেহেমীয়া গতিত চলি থকা কামৰ বাবে শিৱসাগৰৰ জনসাধাৰণে বিভিন্ন সমস্যাৰ সন্মুখীন হৈছে । সেয়েহে কামৰ অগ্ৰগতিৰ বিষয়ে জানিবলৈ স্থানীয় বিধায়কগৰাকীয়ে সোমবাৰে বি জি ৰোড পৰিদৰ্শন কৰে । বিধায়কগৰাকীৰ মতে তেওঁ ঠিকাদাৰজনকো মাতি পঠিয়াইছিল । কিন্তু ঠিকাদাৰজন উপস্থিত নহ'ল । যাৰ বাবে অখিল গগৈৰ খং উঠিল । ঠিকাদাৰক কাষত নাপায় প্ৰজেক্ট মেনেজাৰজনকে ধমক দিলে অখিল গগৈয়ে । ইফালে ঠিকাদাৰজনক এই কামৰ পৰা অব্যাহতি দিয়াৰো সকীয়নি প্ৰদান কৰে অখিল গগৈয়ে ।

লগতে পঢ়ক :উন্নয়নৰ পোহৰে ঢুকি নোপোৱা জোনাইৰ এখন গাঁও - poor road condition

ABOUT THE AUTHOR

...view details