শ শ ডি ভোটাৰেৰে ভৰি পৰিল সোণাপুৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়
Published : 10 hours ago
হায়দৰাবাদ: চক্ৰ বিষয়াৰ কাৰ্যালয় নহয় যেন মাছৰ বজাৰহে । বৃহস্পতিবাৰে শ শ ডি ভোটাৰেৰে ভৰি পৰিল সোণাপুৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয় । ইয়াৰ মূল কাৰণ ভোটাৰ তালিকাৰ পৰা অবৈধ ভোটাৰৰ নাম কৰ্তন প্ৰক্ৰিয়া আৰম্ভ হৈছে ডিমৰীয়াত । ৰাজ্য জোঁকাৰি যোৱা কচুতলীৰ উচ্ছেদৰ পিছত স্থানীয় দল-সংগঠনৰ আহ্বানমৰ্মে অঞ্চলটোত দীৰ্ঘদিন ধৰি বসবাস কৰা একাংশ সন্দেহযুক্ত ভোটাৰৰ নাম কৰ্তন কৰাৰ বাবে দাবী জনাইছিল ৰাইজে ।
আজিৰে পৰা ডিমৰীয়া সমজিলা কাৰ্যালয়ত আৰম্ভ হৈছে ভোটাৰ তালিকাৰ পুনৰীক্ষণ প্ৰক্ৰিয়া । প্ৰথম দিনটোতে ভোটাৰ তালিকাৰ পৰা কৰ্তন হ'ল ৪৭১ গৰাকী ভোটাৰৰ নাম । যিসকল বি এল অ'ৰ জৰিয়তে ভোটাৰ তালিকাত অবৈধভাৱে নাম সংযোজন হ'ল সেইসকল বি এল অ'ক অতিশীঘ্ৰে গ্ৰেপ্তাৰৰ দাবী জনাইছে ডিমৰীয়াৰ দল-সংগঠনসমূহে ।