তিনিচুকীয়াত মুখ্যমন্ত্ৰীৰ নগৰীয়া পকীপথ আঁচনিৰ আধাৰশিলা স্থাপন - Labour Minister Sanjay Kishan
Published : Mar 1, 2024, 3:59 PM IST
তিনিচুকীয়া, ১ মাৰ্চ: তিনিচুকীয়াত লোক নিৰ্মাণ বিভাগৰ মুখ্যমন্ত্ৰীৰ নগৰীয়া পকীপথ আঁচনি (গৌৰৱ পথ) ২০২৩-২৪ বৰ্ষৰ অধীনত ৰঙাগড়া পথটোৰ বহলীকৰণ আৰু সৱলীকৰণ কামৰ আধাৰশিলা স্থাপন কৰে শ্ৰম মন্ত্ৰী সঞ্জয় কিষাণে ৷ পুৰণি ৰে'ল ষ্টেচনৰ পৰা বৰগুৰিস্থিত জুৰীয়া নামঘৰৰ সমীপলৈ ২.০৫৬ কিলোমিটাৰ দৈৰ্ঘ্য়ৰ পথটোত ব্যয় হ'ব ১২৩১.৮৪ লাখ টকা ৷ উক্ত পথটো যথেষ্ট বহলকৈ সুন্দৰকৈ নিৰ্মাণ কৰিবলৈ সক্ষম হোৱাৰ লগতে মাজত ডিভাইদাৰ আৰু লাইটৰ ব্যৱস্থা পাবলৈ সক্ষম হ'ব বুলি সদৰি কৰে শ্ৰম মন্ত্ৰী সঞ্জয় কিষাণে ।
উল্লেখ্য় যে বিগত দহ বছৰ পুৰণি পথসমূহ চৰকাৰে পুনৰ নিৰ্মাণৰ ব্যৱস্থা কৰিছে । এই পথসমূহ নিৰ্মাণ হ'লে যোগাযোগৰ ক্ষেত্ৰত সমষ্টিবাসীয়ে যথেষ্ট সকাহ লাভ কৰিব বুলি শ্ৰম মন্ত্ৰী সঞ্জয় কিষাণে আশা প্ৰকাশ কৰে ৷
লগতে পঢ়ক:নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে KMSS আৰু SMSS ৰ প্ৰতিবাদ