অসম

assam

ETV Bharat / videos

২০২৬ চনৰ আগতে অসমত বিজেপি চৰকাৰ পতন হ'ব : ৰকিবুল হুছেইন - MP RAKIBUL HUSSAIN SLAMS BJP

By ETV Bharat Assamese Team

Published : Jan 12, 2025, 7:15 AM IST

বৰপেটা : "অসমৰ চৌদিশে এতিয়া কেৱল মাত্ৰ ছিণ্ডিকেট আৰু কয়লা, পান-তামোল, গৰু, কাঠ সকলো সামগ্ৰীৰে ছিণ্ডিকেট চলি আছে, সেয়া জল-জল পট-পট হৈছে । এইখন চৰকাৰ ছিণ্ডিকেটত সম্পূৰ্ণভাৱে জড়িত তাত কোনো সন্দেহ নাই আৰু সেই কথা উমৰাংছ’ৰ কয়লাখনিত শ্ৰমিকৰ মৃত্যুৱে উদঙাই দিছে ।" এই মন্তব্য ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইনৰ ৷

সাংসদ হুছেইনে আৰু কয়, "পঞ্চায়ত নিৰ্বাচন সঠিক সময়ত অনুষ্ঠিত কৰিব নোৱাৰাটো চৰকাৰৰ ব্যৰ্থতা । নীতি নিয়ম নামানি জধে মধে কেবিনেটত অস্বাভাৱিক সিদ্ধান্ত গ্ৰহণ কৰি আহিছে বিজেপি চৰকাৰে । ২০২৬ চনৰ আগতে অসমৰ বিজেপি চৰকাৰ পতন হ'ব সেয়া নিশ্চিত আৰু ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে সেই কথাৰ উমান পাইছে যাৰ কাৰণে শংকিত হৈছে ।"

উল্লেখ্য যে, শনিবাৰে সন্ধিয়া বৰপেটা জিলাৰ চেঙা সমষ্টিৰ মুছলমান গাঁৱত দলীয় কৰ্মকৰ্তাক সংগ দিয়াৰ উদ্দেশ্যে উপস্থিত হয় সাংসদগৰাকী । তাতে তেওঁ সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰে ৷

লগতে পঢ়ক: কয়লা ছিণ্ডিকেটৰ চৰ্দাৰ কোন ? সত্যৰ সন্ধানত প্ৰদেশ কংগ্ৰেছ - UMRANGSO COAL MINE TRAGEDY

লগতে পঢ়ক: ব্ৰহ্মপুত্ৰত চীনৰ বৃহৎ নদীবান্ধ নিৰ্মাণৰ সিদ্ধান্তৰ বিৰোধিতা কংগ্ৰেছৰ - CHINAS RIVER DAM IN BRAHMAPUTRA

ABOUT THE AUTHOR

...view details