অসম

assam

ETV Bharat / videos

এই উপ-নিৰ্বাচনত ৰং দেখুৱাইছে কংগ্ৰেছ দলে: অজিত কুমাৰ ভূঞা - MP AJIT KUMAR BHUYAN

By ETV Bharat Assamese Team

Published : Oct 24, 2024, 6:19 PM IST

শিৱসাগৰ: অসম সন্মিলিত মৰ্চাৰ আন দলসমূহক কংগ্ৰেছ দলে কৰা অপমানক লৈ সৰৱ হৈ পৰে ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞা । বিহালী সমষ্টিক লৈ কংগ্ৰেছ দলে সন্মিলিত মৰ্চাৰ প্ৰাৰ্থী চি পি আই এমৰ বিবেক দাসৰ সলনি জয়ন্ত বৰাক প্ৰাৰ্থিত্ব প্ৰদান কৰাক লৈ আন আঞ্চলিক দলৰ নেতৃত্ব অসন্তুষ্ট বুলি উল্লেখ কৰে সাংসদ ভূঞাই । কালিলৈকে বিজেপি কৰা জয়ন্ত বৰাই কংগ্ৰেছ দলত যোগদান নকৰাকৈ কেনেকৈ কংগ্ৰেছ দলৰ টিকট লাভ কৰিলে সেই বিষয়ক লৈ প্ৰশ্ন উত্থাপন কৰে সাংসদগৰাকীয়ে । ইয়াৰোপৰি তেওঁ অসম সন্মিলিত মৰ্চাৰ আন দলসমূহক কৰা চূড়ান্ত অপমানৰ উত্তৰ দিয়াৰো হুংকাৰ দিয়ে ।  

বিহালী সমষ্টিকে ধৰি উপ-নিৰ্বাচনৰ আন চাৰি সমষ্টিত বিৰোধী মঞ্চৰ হৈ প্ৰাৰ্থী প্ৰদানৰ চিন্তা কৰাৰ কথাও উল্লেখ কৰি ৰাহুল গান্ধীৰ আদৰ্শবাদী ৰাজনীতিৰ বিৰুদ্ধে ভূপেন বৰা বাহিনীয়ে কাম কৰাৰ অভিযোগ উত্থাপন কৰে ভূঞাই । তেওঁ কয়,"জয়ন্ত বৰাৰ টকা আছে বাবেই টকাৰ বাবে আদৰ্শ জলাঞ্জলি দিছে কংগ্ৰেছ দলে । এই উপ-নিৰ্বাচনত ৰং দেখুৱাইছে কংগ্ৰেছ দলে । আগন্তুক বিধানসভা নিৰ্বাচনত কি কৰিব কংগ্ৰেছ দলে ? তেওঁ কয় সদ্যসমাপ্ত লোকসভা নিৰ্বাচনত বিৰোধীৰ সন্মিলিত শক্তি অবিহনে কংগ্ৰেছ প্ৰাৰ্থী জয়ী হ'ব নোৱাৰিলেহেতেন । স্বয়ং যোৰহাট লোকসভা সমষ্টিত বিৰোধী শক্তি অবিহনে পৰাজিত হ'ল হয় গৌৰৱ গগৈ ।"

লগতে পঢ়ক: তেওঁলোকে পাঁচজনীয়া সমিতিৰ কথাও নাৰাখিলে: লুৰীণজ্যোতি গগৈ

গজদন্ত মিনাৰ চুইছেগৈ গৌৰৱৰ অহংকাৰে: হিয়া উজাৰি কংগ্ৰেছৰ বিৰুদ্ধে ক্ষোভ উজাৰিলে অখিল গগৈয়ে

ABOUT THE AUTHOR

...view details