অসম

assam

কৃত্ৰিম বানত জুৰুলা টিহুবাসীৰ কাষত মন্ত্ৰী ৰণজিৎ কুমাৰ দাস - Assam Flood 2024

By ETV Bharat Assamese Team

Published : Jun 21, 2024, 9:57 PM IST

কৃত্ৰিম বানত জুৰুলা টিহুবাসীৰ কাষত মন্ত্ৰী ৰণজিৎ কুমাৰ দাস (ETV Bharat Assam)

নলবাৰী,২১ জুন: বানত জুৰুলা নলবাৰী জিলাৰ বিভিন্ন প্ৰান্ত । বিগত কেইবাদিনো নেৰানেপেৰা বৰষুণৰ ফলত অপৰিৱৰ্তিত হৈ আছিল বান পৰিস্থিতি । শুকুৰবাৰে বতৰ ফৰকাল হোৱাত বানত প্লাৱিত হোৱা নলবাৰীৰ টিহু নগৰ পৰিদৰ্শন কৰে মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে । টিহু নগৰৰ বিভিন্ন প্ৰান্তৰ লগতে কেইবাটাও চৰকাৰী কাৰ্যালয় চৌহদো একাঁঠু পৰ্যন্ত কৃত্ৰিম বানত ডুবি আছিল । মন্ত্ৰীগৰাকীয়ে শুকুৰবাৰে টিহুৰ দলীয় কৰ্মীৰ সৈতে পৰিদৰ্শন কৰে কৃত্ৰিম বানত ডুব যোৱা অঞ্চলসমূহ ।  

ইয়াৰোপৰি কৃত্ৰিম বানৰ পৰা ৰাইজক সকাহ দিবলৈ টিহু পৌৰসভাৰ সৈতে এক বৈঠকতো মিলিত হয় মন্ত্ৰীগৰাকী । টিহুৰ ৰে'লৱে উৰণ সেতুৰ নিৰ্মাণকাৰ্য চলি থকাৰ বাবেও টিহুৰ ২ নং ৱাৰ্ডৰ লগতে গনকপাৰাৰ বিভিন্ন অঞ্চল কৃত্ৰিম বানত প্লাৱিত হৈছে বুলি উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে । এইসমূহ অঞ্চলৰ পানী নিষ্কাশনৰ বাবে মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে ভিন্ন পদক্ষেপ লোৱাৰ কথা সদৰী কৰে সংবাদ মাধ্যমৰ আগত । 

লগতে পঢ়ক: বৰলীয়াৰ বানত বিপৰ্যস্ত উদিয়ানাবাসী, জনপ্ৰতিনিধিৰ খবৰ ল’বলৈ নাই আহৰি - ASSAM FLOOD 2024

ৰাজ্যৰ অপৰিৱৰ্তিত বান পৰিস্থিতি : ২২ খন জিলাৰ ৪ লাখ ৯ হেজাৰ ৩৫৬ জন লোক ক্ষতিগ্ৰস্ত - ASSAM FLOOD 2024

কৃত্ৰিম বানত বুৰিল বিলাসী আৱাসিক এলেকা; জলবন্দী ১৫৩ টা পৰিয়াল - Artificial flood

ABOUT THE AUTHOR

...view details