অসম

assam

ETV Bharat / videos

লখৰাত উদ্বোধন হ'ল আদিবাসী উন্নয়ন আৰু কল্যাণ পৰিষদৰ সচিবালয় - Minister Pijush Hazarika - MINISTER PIJUSH HAZARIKA

By ETV Bharat Assamese Team

Published : Aug 17, 2024, 10:27 PM IST

গুৱাহাটী, 18 আগষ্ট : মহানগৰীৰ লখৰাত উদ্বোধন কৰা হ'ল আদিবাসী উন্নয়ন আৰু কল্যাণ পৰিষদৰ সচিবালয় কাৰ্যালয় ৷ শনিবাৰে আনুষ্ঠানিকভাৱে কাৰ্যালয়টো মুকলি কৰে অসম চৰকাৰৰ মন্ত্ৰী পীযুষ হাজৰীকাই ৷ মন্ত্ৰীগৰাকীৰ লগতে আজিৰ এই অনুষ্ঠানত উপস্থিত থাকে পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দুৰ্গা হাচদা, ৰাজ্যিক ন্যায় আৰু সবলীকৰণ বিভাগৰ আয়ুক্ত সচিব বীৰেন্দ্ৰ মিট্টালৰ লগতে কেবাগৰাকী বিশিষ্ট ব্যক্তি ৷

অনুষ্ঠানটোত উপস্থিত থাকি মন্ত্ৰীগৰাকীয়ে কয় যে কেন্দ্ৰীয় চৰকাৰ তথা ৰাজ্য চৰকাৰে বিভিন্ন শিতানত আদিবাসী উন্নয়ন আৰু কল্যাণ পৰিষদক পুঁজি আৱণ্টন দিব ৷ লগতে যিসকল বনুৱাই বিগত দুশ বছৰ ধৰি বাগানৰ স্বত্বাধিকাৰীৰ ভূমিত বাস কৰি আছে সেই বনুৱা সকলক পৰ্যায়ক্ৰমে চৰকাৰে ভূমি পট্টা দিয়াৰ ব্যৱস্থা কৰিব বুলিও জানিবলৈ দিয়ে মন্ত্ৰীগৰাকীয়ে ৷ উল্লেখ্য যে সমগ্ৰ অসমৰ আদিবাসী লোকসকলৰ ভূমি, চাকৰিৰ লগতে আন আন উন্নয়নৰ কাম-কাজ সমূহ আজিৰে পৰা পৰিচালিত হ’ব এই কাৰ্যালয়ৰ পৰাই ৷

লগতে পঢ়ক : আকৌ প্ৰাণ পাব যোৰহাটৰ চ’ক বজাৰে : পুনৰ নিৰ্মাণকাৰ্যৰ ভূমি পূজন মন্ত্ৰী অজন্তা নেওগৰ - Jorhat Chowk Bazaar

ABOUT THE AUTHOR

...view details