ৰাষ্ট্ৰবাদী চিন্তা-চৰ্চা কৰা কোনো লোক কংগ্ৰেছত থকাৰ পৰিৱেশ নাই: জয়ন্ত মল্লবৰুৱা - JAYANTA MALLA SLAMS CONGRESS
Published : Dec 17, 2024, 7:05 PM IST
বৰপেটা : "কংগ্ৰেছ দলত গান্ধী পৰিয়ালৰ একনায়কত্ববাদ আগৰে পৰাই আছে ৷ গান্ধী পৰিয়ালক বাদ দি বাকীসকলৰ কোনো অধিকাৰেই নাই ৷ এয়া কংগ্ৰেছৰ পৰম্পৰা ৷" এই মন্তব্য মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ ৷ ছোনিয়া গান্ধী, ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধীৰ বাহিৰে কংগ্ৰেছ দলৰ আন নেতাসকলৰ ফেন ক্লাব বন্ধ কৰা সন্দৰ্ভত মঙলবাৰে বৰপেটাত এইদৰে কয় মন্ত্ৰীগৰাকীয়ে ৷
আনহাতে, প্ৰিয়ংকা গান্ধীয়ে সংসদলৈ পেলেষ্টাইন লিখা বেগ লৈ অহাৰ প্ৰসংগত মন্ত্ৰীগৰাকীৰ মন্তব্য, "আমাৰ সনাতনী সংস্কৃতিক বিশ্বাস কৰা মানুহৰ যিটো অৱস্থা হৈছে, তাৰ পক্ষত কংগ্ৰেছ দলে এষাৰো মাত মতা নাই ৷ কিন্তু ভাৰতৰ সংসদলৈ আহোঁতে পেলেষ্টাইন লিখা থকা বেগ লৈ অহাটোৱে লাজলগা কথা ৷ তাতোকৈ লাজলগা কথা পাকিস্তানৰ প্ৰাক্তন মন্ত্ৰীয়ে এই কামটোক প্ৰশংসা কৰিছে ৷ বাংলাদেশত লাখ লাখ হিন্দু মানুহৰ বিপদ হৈছে, কিন্তু কংগ্ৰেছে এষাৰো মাত মতা নাই ৷"
মঙলবাৰে বৰপেটাত অসম চৰকাৰৰ বিকাশৰ ১২ টা দিন কাৰ্যসূচীত অংশগ্ৰহণ কৰে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই । কাৰ্যসূচীৰ অন্তত সংবাদ মাধ্যমক সম্বোধন কৰি মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ মন্তব্য, "আমি বিকাশৰ ৰাজনীতি কৰিছোঁ ৷ বিকাশৰ ৰাজনীতি কৰি যাম ৷ আমাৰ লগত অসমৰ বিকাশ বিচৰা, উন্নয়ন বিচৰা ৰাইজ আছে ৷ এচাম মানুহ আমাৰ বিপক্ষে আছে । সেইসকলে কোন ঐক্যত থাকে, কোন পাৰ্টীত থাকে আমাৰ ক'বলগীয়া নাই ৷ মানুহ সেইকেইটাই ৷ লগ হৈ থাকিলেও সেইকেইটাই, লগ হৈ নাথাকিলেও সেইকেইটাই ৷"