অসম

assam

ETV Bharat / videos

কেবাখনো বিদ্যালয়ৰ আধাৰশিলা স্থাপন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ - lays down foundation stone

By ETV Bharat Assamese Team

Published : Mar 11, 2024, 4:02 PM IST

মিৰ্জা, 11 মাৰ্চ : নিৰ্বাচনৰ আগে আগে ৰাজ্যৰ প্ৰতিটো প্ৰান্ততে বিভিন্ন উন্নয়নমূলক কামৰ আধাৰশিলা স্থাপনৰ কাম হাতত লৈছে বিজেপিয়ে ৷ বিদ্যালয়, বাট-পথৰ পৰা আৰম্ভ কৰি বহু কামৰ আধাৰশিলা ইতিমধ্যে স্থাপন কৰা হৈছে ঠায়ে ঠায়ে ৷ সোমবাৰে গুৱাহাটীৰ ছয়গাঁও আৰু পলাশবাৰীত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে কেবাখন বিদ্যালয় আধাৰশিলা স্থাপন কৰে ৷ তেওঁৰ লগত উপস্থিত থাকে পলাশবাৰীৰ বিধায়ক হেমাংগ ঠাকুৰীয়া ৷

আধাৰশিলা স্থাপনৰ পিচত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰে বিধায়ক হেমাংগ ঠাকুৰীয়া ৷ সৰ্বানন্দ সোণোৱালৰ দৰে এগৰাকী প্ৰাৰ্থীক হৰুৱাব পৰা কোনো বীৰ নাই বুলি মন্তব্য কৰে তেওঁ । সোণোৱালৰ আগমনৰ প্ৰথম দিনাই লোকৰণ্য হৈ পৰা ডিব্ৰুগড়ৰ কথা উল্লেখ কৰি তেওঁ কয়, ডিব্ৰুগৰ লোকসভা সমষ্টিত লুৰীণজ্যোতি গগৈৰ দৰে প্ৰাৰ্থী কোনো ফেক্টৰেই নহয় । পলাশবাৰীৰ বিধায়ক হেমাংগ ঠাকুৰীয়াই সৰ্বানন্দ সোণোৱালৰ দৰে ব্যক্তিৰ সন্মুখত বিৰোধী ঐক্য মঞ্চৰ প্ৰাৰ্থী লুৰীণজ্যোতি গগৈ হ’লেও কোনো ধৰণৰ প্ৰভাৱ নপৰে বুলি মন্তব্য কৰে ।

আনহাতে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়েও সোণোৱালৰ দৰে এগৰাকী প্ৰাৰ্থীৰ সন্মুখত বিৰোধীৰ প্ৰাৰ্থী কোনো ধৰণে টিকিব নোৱাৰে বুলি মন্তব্য কৰি তেওঁ জয়ী হোৱাটো এশ শতাংশই নিশ্চিত বুলি কয় । লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰশংসাতো পঞ্চমুখ হৈ পৰে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী ।

লগতে পঢ়ক : টীয়কত ৫ খন বিদ্যালয়ৰ আধাৰশিলা স্থাপন পীযুষ হাজৰীকাৰ

ABOUT THE AUTHOR

...view details