ভূমিস্খলনৰ বাবে বন্ধ যান-বাহনৰ চলাচল : বিচ্ছিন্ন হ’ল বৰাকৰে যোগাযোগ - Massive landslide - MASSIVE LANDSLIDE
Published : Jun 16, 2024, 7:06 PM IST
শিলচৰ, 16 জুন : স্থলপথ আৰু ৰে’লপথেৰে গুৱাহাটীসহ দেশৰ আন ঠাইৰ সৈতে বিচ্ছিন্ন হ’ল বৰাকৰ যোগাযোগ ৷ ঘনাই হোৱা ভূমিস্খলনৰ বাবে বন্ধ হৈ পৰিছে যান-বাহনৰ চলাচল ৷ ফলত মেঘালয়ৰ ৰাজপথত আৱদ্ধ হৈ পৰিছে শ শ যাত্ৰী ৷ দুদিন ধৰি হোৱা ধাৰাসাৰ বৰষুণৰ ফলত গুৱাহাটীসহ আন আন ঠাইসমূহৰ সৈতে স্থলপথ আৰু ৰে’লপথৰ সংযোগ বিচ্ছিন্ন হৈ পৰিছে বৰাকৰ ৷ বৰাক-মেঘালয় হৈ গুৱাহাটী সংযোগী আৰু বৰাক-হাফলং হৈ গুৱাহাটী সংযোগী ৰাষ্ট্ৰীয় ঘাইপথৰ বিভিন্ন ঠাইত ভূমিস্খলনৰ ফলত বন্ধ হৈ পৰে ৷
মেঘালয়ৰ সোণাপুৰ, লুংছুলুং, ৰাতাছড়াৰ কেইবাটাও ঠাইত ভূমিস্খলন হৈছে বুলি জানিব পৰা গৈছে ৷ ধাৰাসাৰ বৰষুণ অব্যাহত থকাৰ বাবে পথ মোকলোৱাৰ কামত ব্যাঘাত জন্মিছে ৷ পথচোৱাৰ পূৱ জয়ন্তীয়া হিলছৰ অৱস্থা একেবাৰে জৰাজীৰ্ণ হৈ পৰিছে ৷ পথত আৱদ্ধ হৈ পৰিছে শ শ বাহন ৷ যাত্ৰীসকলৰ মাজত সৃষ্টি হৈছে হাহাকাৰ অৱস্থা ৷ শিলচৰ-হাফলং পথৰো একাধিক ঠাইত হোৱা ভূমিস্খলনৰ ফলত পথচোৱাৰে বন্ধ হৈছে যান-বাহনৰ চলাচল ৷ ভূমিস্খলনৰ ফলত ৰে’ল চলাচলো বন্ধ হৈ পৰিছে ৷
লগতে পঢ়ক : হাউলীত কৃত্ৰিম বানত বিপৰ্যস্ত স্বাভাৱিক জনজীৱন - Artificial Flood In Barpeta