অসম

assam

তিনিচুকীয়াত অসম জাতীয় পৰিষদৰ বৃহৎ যোগদান কাৰ্যসূচী - Assam Jatiya Parishad

By ETV Bharat Assamese Team

Published : Aug 11, 2024, 10:45 PM IST

অসম জাতীয় পৰিষদৰ বৃহৎ যোগদান কাৰ্যসূচী (ETV Bharat Assam)

তিনিচুকীয়া, ১১ আগষ্ট : তিনিচুকীয়া জিলাৰ ডিগবৈত সৃষ্টি হৈছে এক জাতীয়তাবাদৰ জোৱাৰ ৷ দেওবাৰে ডিগবৈৰ মুলীয়াবাৰীস্থিত লুইত শিল্পী সমাজ প্ৰেক্ষাগৃহত আয়োজন কৰা হয় অসম জাতীয় পৰিষদৰ বৃহৎ যোগদান কাৰ্যসূচী ৷

যোগদান কাৰ্যসূচীত অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈৰ সহিতে দলটোৰ উপ-সভাপতি দিলীপ শইকীয়া, অনুপ ফুকনৰ উপস্থিতিত যোগদান কৰে অসম গণ পৰিষদ দলৰ কেন্দ্ৰীয় সমিতিৰ উপ সভাপতি গীতাৰ্থ শইকীয়া, নতুনকৈ ডিগবৈ বিধানসভা সমষ্টিত অন্তৰ্ভুক্ত হোৱা বুঢ়ীদিহিং মৌজা টঙনা গাঁও পঞ্চায়তৰ বিজেপিৰ সভাপতি বিজয় ওৰাঙৰ লগতে কেবাগৰাকীও বিশেষ ব্যক্তিয়ে যোগদান কৰে ৷

এই যোগদান সভা এক আৰম্ভণি বুলি মন্তব্য শাসকীয় দলটোৰো বহু প্ৰভাৱশালী লোক, প্ৰাক্তন মন্ত্ৰীও অসম জাতীয় পৰিষদ দলত যোগদান কৰাৰ যো-জা চলিছে বুলি মন্তব্য কৰে গগৈয়ে ৷

লগতে পঢ়ক : অহংকাৰ কৰিলে পতন অনিবাৰ্য : বিৰোধীক ঐক্যবদ্ধ হৈ থকাৰ আহ্বান লুৰীণজ্যোতি গগৈৰ

ABOUT THE AUTHOR

...view details