অসম

assam

আছু-বীৰ লাচিত সেনাৰ সদস্যই যোগ দিলে এন এছ ইউ আইত - NSUI Joining Programme

By ETV Bharat Assamese Team

Published : Jun 25, 2024, 10:48 PM IST

এন এছ ইউ আইলৈ ছাত্ৰ-ছাত্ৰীৰ সোঁত (ETV Bharat Assam)

যোৰহাট,২৫ জুন: যোৰহাট লোকসভা সমষ্টিত গৌৰৱ গগৈয়ে বিপুল ভোটত জয়লাভ কৰা পিচতেই বিশেষকৈ উজনি অসমত কংগ্ৰেছ ভেটি শক্তিশালী হোৱাৰ উমান পোৱা গৈছে । সেয়েহে কংগ্ৰেছ দললৈ এতিয়া বিভিন্নজনৰ সোঁত বোৱা পৰিলক্ষিত হৈছে । মঙলবাৰে গৌৰৱ গগৈৰ কৰ্মদক্ষতাৰ প্ৰতি আকৃষ্ট হৈ যোৰহাট জিলা কংগ্ৰেছ ভৱনত অৰ্দ্ধ শতাধিক ছাত্র-ছাত্ৰীয়ে কংগ্ৰেছৰ ভাতৃ সংগঠন এন এছ ইউ আইত যোগদান কৰে । যোগদান কৰা অধিকাংশ ছাত্ৰ-ছাত্ৰীয়েই আছু আৰু বীৰ লাচিত সেনাৰ মজিয়াৰ পৰা অহা ।

যোৰহাট জিলা কংগ্ৰেছৰ সভাপতি পুতুল বুঢ়াগোঁহাই আৰু এন এছ ইউ আইৰ ৰাজ্যিক সভাপতি কৃশানু বৰুৱাৰ উপস্থিত যোগদান কৰাসকলক কংগ্ৰেছ তথা ভ্ৰাতৃ সংগঠন এন এছ ইউ আইলৈ আদৰণি জনায় । এই যোগদান কাৰ্যসূচীত অংশগ্ৰহণ কৰি এন এছ ইউ আইৰ ৰাজ্যিক সভাপতি কৃশানু বৰুৱাই কয় যে যোগদান কৰা এইসকল ছাত্ৰ-ছাত্ৰীয়ে গৌৰৱ গগৈৰ দক্ষতাৰ প্ৰতি আকৃষ্ট হৈ যোগদান কৰিছে আৰু কম সময়ৰ ভিতৰতে গৌৰৱ গগৈৰ উপস্থিতিত বৃহৎ সংখ্য লোকে কংগ্ৰেছ দলত যোগদান কৰিব ।

লগতে পঢ়ক: তপন কুমাৰ গগৈৰ পৰাজয়ৰ আঁৰৰ কাৰণ কি ? কি কয় যোৰহাটবাসীয়ে - GOURAV GOGOI VS TOPON KUMAR GOGOI

এইবাৰ ঐতিহাসিক আৰু আৱেগৰ নিৰ্বাচন হ'ব: গৌৰৱ গগৈ

'২৬ত কংগ্ৰেছৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী হ’ব নেকি গৌৰৱ গগৈ ! - Congress joining programe

ABOUT THE AUTHOR

...view details