ধৰ্ষণত অভিযুক্ত কিশোৰৰ বিৰুদ্ধে গোচৰ ৰুজু নকৰাক লৈ উত্তপ্ত লংগাই আৰক্ষী চকী - Attempt To Rape - ATTEMPT TO RAPE
Published : Sep 2, 2024, 5:05 PM IST
কৰিমগঞ্জ, ২ ছেপ্টেম্বৰ: এটি শিশুক ধৰ্ষণৰ অপচেষ্টা চলোৱাক লৈ দেওবাৰে নিশা উত্তপ্ত হৈ পৰে কৰিমগঞ্জৰ লংগাই আৰক্ষী চকী ৷ তিনি বছৰীয়া শিশুটিৰ ধৰ্ষণৰ অপচেষ্টা চলোৱা এটি কিশোৰৰ বিৰুদ্ধে আৰক্ষীয়ে গোচৰ ৰুজু কৰিবলৈ অস্বীকাৰ কৰাক লৈ সৃষ্টি হয় হুলস্থূলীয়া পৰিবেশৰ । ইয়াৰ পাছত স্থানীয় ৰাইজ একত্ৰিত হৈ লংগাই আৰক্ষী অনুসন্ধান চকীৰ ভাৰপ্ৰাপ্ত বিষয়াৰ বদলিৰ দাবীত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে ।
জানিব পৰা মতে, কৰিমগঞ্জৰ লংগাই এলেকাৰ এটা পৰিয়ালে তিনি বছৰীয়া কন্যা সন্তানটিক চুবুৰীৰ ১৬ বছৰীয়া এটি কিশোৰক কিছু সময় চোৱা-চিতা কৰিবলৈ দায়িত্ব দি ঘৰৰ পৰা ওলাইছিল । কিন্তু কন্যা সন্তানটিৰ মাতৃগৰাকী ঘৰলৈ উভতি আহি কিশোৰটিক শিশুটিৰ লগত অসংযত অৱস্থাত উদ্ধাৰ কৰে ৷
লগে লগে শিশুটিৰ পৰিয়ালৰ লোকে কিশোৰটিক লংগাই আৰক্ষী অনুসন্ধান চকীত গতাই দিয়ে । কিন্তু লংগাই আৰক্ষী অনুসন্ধান চকীৰ ভাৰপ্ৰাপ্ত বিষয়াই কিছু লোকৰ মধ্যস্থতাত কিশোৰটিৰ বিৰুদ্ধে কোনো আইনী পদক্ষেপ গ্ৰহণ নকৰাকৈ এৰি দিয়াৰ অভিযোগ উত্থাপন হয় । এই ঘটনা পোহৰলৈ অহাৰ পিছত নিশা একাংশ লোকে লংগাই আৰক্ষী অনুসন্ধান চকীত উপস্থিত হৈ ভাৰপ্ৰাপ্ত বিষয়াক জবাবদিহি কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে ।
লগতে পঢ়ক: নাবালিকা ধৰ্ষণৰ অপচেষ্টা: গ্ৰেপ্তাৰ দুই অভিযুক্ত - Attempt To Rape