অসম

assam

ETV Bharat / videos

কচুতলীৰ পৰিত্যক্ত মন্দিৰে প্ৰাণ পালে; কটকটীয়া নিৰাপত্তাৰ মাজেৰে আয়োজন লক্ষ্মী পূজাৰ

By ETV Bharat Assamese Team

Published : 4 hours ago

নিউজ ডেস্ক, ১৭ অক্টোবৰ : সুদীৰ্ঘ সময় বেদখলকাৰীৰ কৱলত থকাৰ পাচত বুধবাৰে নিশা মংগলধ্বনি, নাগাৰাৰ শব্দ, শংখধ্বনিৰে মুখৰিত হৈ পৰিল কচুতলী ৷ গুৱাহাটীৰ সোণাপুৰৰ কচুতলীত দীৰ্ঘসময়জুৰি বেদখলকাৰীয়ে দপদপাই থকাৰ বাবে পৰিত্যক্ত ৰূপ পাইছিল সেই ঠাইত থকা এটা পুৰণি শিৱ মন্দিৰে ৷

বেদখলকাৰীক উচ্ছেদৰ পাচত স্থানীয় ৰাইজে হাবি-জংঘলে ঘেৰি পেলোৱা এই পুৰণি মন্দিৰটো চিকুণাই নতুন ৰূপ দিয়ে আৰু সেই মন্দিৰতে অঞ্চলটোৰ হাজাৰ হাজাৰ হিন্দু লোকে বুধবাৰে নিশা প্ৰথমবাৰৰ বাবে এক মাংগলিক পৰিৱেশৰ মাজত অনুষ্ঠিত কৰে লক্ষ্মীপূজা ৷

জিলা প্ৰশাসনৰ ফালৰ পৰা ব্যৱস্থা কৰা কটকটীয়া নিৰাপত্তাৰ মাজেৰে কচুতলিৰ এই মন্দিৰত লক্ষ্মী পূজাৰ আয়োজন কৰা হয় ৷ চাৰিটাকৈ নামতিৰ দলে পৰিৱেশন কৰে নাম ৷ পূজাত স্থানীয় হাজাৰ হাজাৰ লোকৰ লগতে উপস্থিত থাকে বিশ্ব হিন্দু পৰিষদৰ উত্তৰ-পূব প্ৰান্তৰ প্ৰান্ত প্ৰচাৰ প্ৰমুখ সুনীল মাহান্তিৰ লগতে বজৰং দলৰ সাতজনকৈ বিষয়ববীয়াও ৷

লগতে পঢ়ক : খোল-তাল বজাই বেদীত প্ৰতিষ্ঠা মা লক্ষ্মীক; কেওঁটকুছিত ৭ দিনীয়া কাৰ্যসূচীৰে লক্ষ্মী পূজাৰ মহা আয়োজন

ABOUT THE AUTHOR

...view details