অসম

assam

ETV Bharat / videos

মহানগৰীত নিৰ্মিয়মান অট্টালিকাত শ্ৰমিকক অন কেমেৰা গুৰুলা-গুৰুল প্ৰহাৰ - Labor beaten up on camera

By ETV Bharat Assamese Team

Published : Jun 16, 2024, 11:22 AM IST

গুৱাহাটী, 16 জুন : শুকুৰবাৰে নিশা মহানগৰীৰ জাপৰিগোগত সংঘটিত হয় ভয়ংকৰ ঘটনা । চুৰি কৰাৰ অভিযোগত এটা নিৰ্মীয়মাণ অট্টালিকাৰ কোঠাৰ ভিতৰত কেইজনমান লোকে এজন শ্ৰমিকক মাৰপিট কৰাৰ ঘটনা সংঘটিত হৈছে ৷ ইতিমধ্যে ম’বাইলৰ কেমেৰাত বন্দী হৈছে শ্ৰমিকজনক মাৰপিট কৰাৰ ভয়ংকৰ দৃশ্য ।

ভুক্তভোগী শ্ৰমিকজনৰ চিৎকাৰ শুনি স্থানীয় লোকে খবৰ দিয়ে দিছপুৰ আৰক্ষীক । এই খবৰৰ ভিত্তিত নিশাই অট্টালিকাটোত উপস্থিত হয় দিছপুৰ আৰক্ষীৰ এটা দল । তাৰ পিচতে আৰক্ষীয়ে অট্টালিকাটোত কৰ্মৰত আন কেইজন শ্ৰমিকক সোধ-পোছ কৰে ৷ কিন্তু ঘটনা সন্দৰ্ভত মুখ খোলা নাই কোনো শ্ৰমিকে ।

সমগ্ৰ ঘটনা গাপ দিয়াৰ চেষ্টা কৰে কৰ্মৰত আন শ্ৰমিকসকলে । আনহাতে বাতৰি লিখাৰ পৰলৈ আক্ৰমণত আহত শ্ৰমিকজনৰ সন্ধান পোৱা নাই আৰক্ষীয়ে ।

লগতে পঢ়ক:কাজিৰঙাত পুনৰ চোৰাং কাঠ সৰবৰাহ কৰা বাহন জব্দ - Smuggled timber seized

ABOUT THE AUTHOR

...view details