অসম

assam

ভুপেন বৰাই ৰাজনীতি বুজিও নাপায় নাজানেও: জয়ন্ত মল্লবৰুৱা

By ETV Bharat Assamese Team

Published : Mar 16, 2024, 4:29 PM IST

১৩ খন আসনত BJP জয়ী হোৱাৰ দাবী জয়ন্ত মল্লবৰুৱাৰ

গুৱাহাটী,১৬ মাৰ্চ: তুংগত উঠিছে নিৰ্বাচনী প্ৰচাৰ । সমানে অব্যাহত আছে শাসক বিৰোধীৰ বাকযুদ্ধ । এইবাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সুৰতে সুৰ মিলালে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই । শনিবাৰে মন্ত্ৰীগৰাকীয়ে কয় যে, BJP আৰু BJP মিত্ৰজোঁটে মিলি অসমত ১৩ খন আসনত জয়ী হ'ব । মাথো ধুবুৰী সমষ্টিটো BJP য়ে এৰি দিছে । এইক্ষেত্ৰত AGP দলে নিজৰ বলত ধুবুৰী সমষ্টিটো জয়ী হ'ব লাগিব ।  

তেওঁ লগতে কয় যে ধুবুৰীৰ ৪ টা বিধানসভা সমষ্টিত বিপুল‌ ভোট বিজেপিৰ আছে। কিন্তু বাকী ছয়টা বিধানসভা সমষ্টিত অগপ দলে ভোট সংগ্ৰহ কৰি জয়ী হ'ব লাগিব । ইপিনে জয়ন্ত মল্লবৰুৱাই কয় যে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰাজনীতি নজনা ডাঙৰ জকাৰ ভূপেন‌ বৰা । ভুপেন বৰাই ৰাজনীতি বুজিও নাপায় নাজানেও । 

লগতে পঢ়ক: পৰাজয়ৰ আশংকাত কংগ্ৰেছ নেতা গৌৰৱ গগৈয়ে সলাইছে সমষ্টি; সভাপতি ভৱেশ কলিতা

ABOUT THE AUTHOR

...view details