জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত পুৰণিগুদামৰ মহিলা - JAPANESE ENCEPHALITIS - JAPANESE ENCEPHALITIS
Published : Jul 22, 2024, 3:56 PM IST
চামগুৰি, ২২ জুলাই : ৰাজ্য়ত এতিয়া জাপানীজ এনকেফেলাইটিছৰ আতংক । বান বিভীষিকাৰ পিচতেই নগাঁও জিলাৰ পুৰণিগুদামত প্ৰাদুৰ্ভাৱ ঘটিছে জাপানীজ এনকেফেলাইটিছৰ । জিলাখনৰ পুৰণিগুদামৰ গণকাআটী-হাতীগাৱঁৰ এগৰাকী মহিলা আক্ৰান্ত হৈছে জাপানীজ এনকেফেলাইটিছত । এই ৰোগত আক্ৰান্ত মহিলাগৰাকী বৰ্তমান গুৱাহাটী চিকিৎসা মহাবিদ্য়ালয় হাস্পতালত চিকিৎসাধীন হৈ আছে ।
ইয়াৰ পিচতেই চামগুৰি প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ স্বাস্থ্যকৰ্মীসকলে ততাতৈয়াকৈ গাঁওখনত উপস্থিত হৈ আক্ৰান্ত মহিলাগৰাকীৰ প্ৰতিবেশীসকলৰ ঘৰে-ঘৰে গৈ তেজৰ নমুনা সংগ্ৰহ কৰে । তদুপৰি এই গাঁওখনত স্বাস্থ্য বিভাগৰ তৰফৰ পৰা জাপানীজ এনকেফেলাইটিছ প্ৰতিৰোধৰ বাবে ধোঁৱা দিয়াৰ ব্যৱস্থা কৰিছে । লগতে ইয়াৰ বিৰুদ্ধে সজাগতা বৃদ্ধিৰ প্ৰয়াসো অব্যাহত ৰাখিছে স্বাস্থ্য বিভাগ । এই ৰোগবিধক লৈ এতিয়া বৃহত্তৰ অঞ্চলটোৰ ৰাইজৰ মাজত আতংকৰ সৃষ্টি হৈছে ।