
নিজেই বানাক্ৰান্ত হৈয়ো সহায়ৰ হাত আগবঢ়াইছে জখলাবন্ধা আৰক্ষীয়ে - Assam flood 2024 - ASSAM FLOOD 2024

Published : Jul 9, 2024, 10:33 PM IST
কলিয়াবৰ, 9 জুলাই: বানৰ বাবে পাতি লোৱা অস্থায়ী শিবিৰৰ বন্যাৰ্তৰ মাজত সাহাৰ্য বিলাইছে কলিয়াবৰৰ জখলাবন্ধাৰ আৰক্ষীৰ দলে । কলিয়াবৰৰ হাতীমূৰা মথাউৰি ভাগি কলিয়াবৰত সৃষ্টি হৈছিল প্ৰলয়ংকাৰী বানৰ ৷ সেই বানে প্লাৱিত কৰিছিল জখলাবন্ধা আৰক্ষী নিৱেশ ।
আৰক্ষী নিৱেশ বানৰ কৱলত পৰাৰ পিচতেই আৰক্ষী জোৱানসকলৰ আৱাসত পৰা প্ৰয়োজনীয় সামগ্ৰী হাতে-হাতে লৈ ঢাপলি মেলিছিল ওখ স্থানলৈ । নিৱেশ এৰি অন্য স্থানত থাকিও দৈনিক দায়িত্ব সুচাৰুৰূপে পালন কৰিছে । যান-বাহন নিয়ন্ত্ৰণ, বান শিৱিৰৰ সুৰক্ষাকে ধৰি নিজ কৰ্তব্যত ব্যস্ত । এইসকল সু-হৃদয়বান আৰক্ষীয়ে এতিয়া বানাক্ৰান্তৰ বিপদৰ সময়ত কাষত উপস্থিত হৈ আগবঢ়াই খাদ্য সামগ্ৰী ।
হাতীমূৰা মথাউৰিত শিবিৰ পাতি আশ্ৰয় গ্ৰহণ কৰি থকা লোকসকলৰ লগতে পথৰ কাষত আশ্ৰয় লৈ থকা বন্যাৰ্তক প্ৰদান কৰে অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ টোপোলা ।
লগতে পঢ়ক: বানপীড়িতক মৰাণহাট প্ৰেছ ক্লাৱৰ সাহাৰ্য