এতিয়া নহয়, মাৰ্চৰ শেষৰ পৰা আৰম্ভ কৰি জুনলৈকেহে অসমত গছপুলি ৰুব লাগে : যাদৱ পায়েং - Jadav Payeng in Sarupathar - JADAV PAYENG IN SARUPATHAR
Published : Aug 22, 2024, 9:45 PM IST
সৰুপথাৰ, ২২ আগষ্ট : ‘‘এতিয়া বিশেষকৈ অসমত গছপুলি ৰোৱা দিন নহয় ৷ এতিয়া পুলিটোত পানী নিদিলে মৰি যাব পাৰে ৷ সেইকাৰণে এই পুলিবোৰ ৰুলে সাৱধানতা ল’ব লাগে ৷ মাৰ্চ মাহৰ শেষৰ পৰা জুন মাহৰ ভিতৰত পুলি ৰুলে পানী দিব নালাগে । মই ভাবো, অসমেই নহয় সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলত উপযুক্ত সময়ত গছপুলি ৰুলে সকলো চিৰসেউজ হৈ পৰিব ৷’’ এই মন্তব্য অৰণ্য মানৱ যাদৱ পায়েঙৰ ৷
উল্লেখ্য যে, বৃহস্পতিবাৰে সৰুপথাৰ গন্ধকৰৈ গাঁৱৰ শ্ৰীশ্ৰী বাৰেখেলীয়া বৰনামঘৰ প্ৰাংগনত বিশিষ্ট সমাজকৰ্মী জীৱন চুতীয়াৰ উদ্যোগত আয়োজন কৰা হয় এক গছপুলি ৰোপণ কাৰ্যসূচী ৷ এই কাৰ্যসূচীত উপস্থিত থাকে অৰণ্য মানৱ যাদৱ পায়েং ।
প্ৰথমে অৰণ্য মানৱগৰাকীক বাৰেখেলীয়া নামঘৰ সমাজ তথা স্থানীয় ৰাইজে ধৰ্মীয় নিয়ম নীতিৰে আদৰি আনে ৷ তাৰ পাছত তেওঁ বৰনামঘৰত সেৱা লয় । গছপুলি ৰোপণ কাৰ্যসূচীৰ প্ৰাকমুহূৰ্তত অৰণ্য মানৱগৰাকীক সমাজকৰ্মী জীৱন চুতীয়াৰ লগতে বিভিন্নজনে সম্বৰ্ধনা জ্ঞাপন কৰা হয় । উক্ত অনুষ্ঠানতে যাদৱ পায়েঙে বৰ্তমান অসমৰ পৰিৱেশ, জলবায়ু আৰু গছপুলি ৰোপণ সন্দৰ্ভত ভাষণ প্ৰদান কৰে ৷
তেওঁ কয়, ‘‘পৰ্যটকে আমাক চাবলৈ নাহে, তেওঁলোকে অসমৰ পৰিৱেশ, বিভিন্ন গছ-গছনি, জীৱ-জন্তু তথা আমাৰ সম্পদসমূহহে চাবলৈ আহে ।’’