অসম

assam

এইবাৰ শ্বহীদৰ নামত থকা ভূমিত মিঞাৰ আগ্ৰাসনৰ অভিযোগ, গৰজি উঠিছে থলুৱা দল-সংগঠন - Encroachment in Martyrs lane

By ETV Bharat Assamese Team

Published : Aug 29, 2024, 2:19 PM IST

মহকুমাধিপতিক স্মাৰকপত্ৰ প্ৰদান লাচিত সেনা অসম (থলগিৰি)-অসমীয়া যুৱ মঞ্চ (ETV Bharat Assam)

সৰুপথাৰ ২৯ আগষ্ট: সৰুপথাৰত জাতীয় শ্বহীদ অনিল বৰাৰ শ্বহীদ বেদীৰ ঠাইখিনি সন্দেহযুক্ত মিঞাই দখল কৰাৰ অভিযোগ তুলি বুধবাৰে ধনশিৰি মহকুমাৰ মহকুমাধিপতিক লাচিত সেনা অসম (থলগিৰি)ৰ কেন্দ্ৰীয় সমিতি আৰু অসমীয়া যুৱ মঞ্চ গোলাঘাট জিলা সমিতিয়ে এখন স্মাৰক পত্ৰ প্ৰদান কৰে । এই স্মাৰক পত্ৰত উল্লেখ কৰা হৈছে যে, "সৰুপথাৰৰ নাওজান কৈৰী গাঁৱত থকা জাতীয় শ্বহীদ অনিল বৰাৰ নামত থকা মাটি প্ৰায় ৫ বিঘাত, য'ত শ্বহীদগৰাকীৰ বেদী আছে সেই মাটিখিনিত বংগমূলৰ মিঞাৰ ৮ টা পৰিয়ালে বেদখল কৰি ঘৰ নিৰ্মাণ কৰি থকা পৰিলক্ষিত হৈছে ।"

উল্লেখ্য যে, ভাষা তথা মাধ্যম আন্দোলনৰ শ্বহীদ নাওঁজানৰ অনিল বৰাৰ শ্বহীদ বেদী থকা মাটিটুকুৰা অনিল বৰাৰ নামত সংৰক্ষিত হৈ আছিল । লাচিত সেনা অসম (থলগিৰি) আৰু অসমীয়া যুৱ মঞ্চই প্ৰশাসনক ৭ দিনৰ ভিতৰত উক্ত ভূমিত উচ্ছেদ চলাই বে-দখলমুক্ত কৰাৰ বাবে সময়সীমা বান্ধি দিয়ে । প্ৰশাসনে এই সন্দৰ্ভত ব্যৱস্থা নল’লে তেওঁলোকে নিজাববীয়াকৈ কাৰ্যসূচী ল'বলৈ বাধ্য হ'ব বুলি সকীয়াই দিয়ে ।

লগতে পঢ়ক: বিধায়কক প্ৰত্য়াহ্বান: উজনিৰ পৰা অবৈধ মিঞা উচ্ছেদ কৰিবলৈ নিৰ্দেশ আটাছুৰ - Miya Muslims Controversy

ABOUT THE AUTHOR

...view details