চাহ কোম্পানীৰ শোষণৰ বলি চাহ শ্ৰমিক : নাহৰতলি চাহ বাগিচাত শ শ চাহ শ্ৰমিকৰ প্ৰতিবাদ - TEA WORKERS PROTEST - TEA WORKERS PROTEST
Published : May 13, 2024, 1:54 PM IST
ডিব্ৰুগড়, 13 মে’ : পৰিৱৰ্তনৰ প্ৰতিশ্ৰুতি দিয়া চৰকাৰৰ দিনতো সমস্যাৰ ওৰ পৰা নাই চাহ শ্ৰমিকৰ । প্ৰতিদিনে নিজৰ প্ৰাপ্য অধিকাৰ বিচাৰি প্ৰতিবাদ সাব্যস্ত কৰিব লগা হৈছে চাহ শ্ৰমিকসকলে । কম মজুৰিত কাম কৰি জীৱন চলাই ৰাজ্য তথা দেশৰ অৰ্থনীতিলৈ অৱদান আগবঢ়াই অহা চাহ-বাগিচাৰ শ্ৰমিকে প্ৰতিটো দিনতে জীৱনৰ নিৰাপত্তাহীনতাত ভুগিব লগা হৈছে ।
ইয়াৰ মাজতে চাহ কোম্পানীৰ শোষণ বলি হৈছে চাহ-বাগিচাৰ শ্ৰমিকসকল । সোমবাৰে চাহ শ্ৰমিকৰ জলন্ত সমস্যা সমাধানৰ দাবীত চাবুৱাৰ নাহৰতলি চাহ-বাগিচাত শ শ চাহ শ্ৰমিকৰ প্ৰতিবাদ । দীৰ্ঘদিন ধৰি টাটা কোম্পানীৰ অধীনস্থ চাবুৱাৰ নাহৰতলি চাহ-বাগিচাৰ শ শ শ্ৰমিকক ন্যায্য প্ৰাপ্যৰ পৰা বাগিচা কৰ্তৃপক্ষই বঞ্চনা কৰি আহিছে বুলি অভিযোগ উঠিছে ।
চাহ শ্ৰমিকৰ খোৱাপানী, গৃহ নিৰ্মাণ, উন্নত চিকিৎসাৰ ব্যৱস্থা কৰা, চাহ শ্ৰমিকৰ শৌচালয়ৰ নিৰ্মাণ কৰা, মজুৰি বৃদ্ধি কৰা সমস্যাসমূহ সমাধানৰ দাবীত আজি শ শ শ্ৰমিকে দুই ঘন্টীয়া কৰ্ম বিৰতি পালন কৰি অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে । ধৰ্মঘটৰ কাৰ্যসূচীত অসম চাহ মজদুৰ সংঘৰ কেন্দ্ৰীয় বিষয়ববীয়াৰ লগতে সংগঠনটোৰ ডিব্ৰুগড় শাখা কেইবাগৰাকীও নেতা কৰ্মীয়ে অংশগ্ৰহণ কৰে । চাহ শ্ৰমিকৰ জ্বলন্ত সমস্যাসমূহ সমাধান নকৰিলে অতি শীঘ্ৰে তীব্ৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ অসম চাহ মজদুৰ সংঘৰ ।
লগতে পঢ়ক : চাহ শ্ৰমিকক প্ৰকৃত মজুৰিৰ পৰা বঞ্চিত কৰাত চৰকাৰৰ বিৰুদ্ধে ক্ষোভ - Deprived Tea workers protest