অসম

assam

By ETV Bharat Assamese Team

Published : Jun 21, 2024, 2:16 PM IST

ETV Bharat / videos

বৰলীয়াৰ বানত বিপৰ্যস্ত উদিয়ানাবাসী, জনপ্ৰতিনিধিৰ খবৰ ল’বলৈ নাই আহৰি - ASSAM FLOOD 2024

ৰঙিয়া, 21 জুন : ৰাজ্যত অব্যাহত বানৰ সংহাৰ ৷ ৰঙিয়াৰ উদিয়ানাত বৰলীয়াৰ বানে ধাৰণ কৰিছে সংহাৰী ৰূপ ৷ বৰলীয়া নৈৰ প্ৰলয়ংকৰী বানে উটুৱাই নিছে কেইবা শতাধিক লোকৰ ভেঁটি-মাটি ৷ পাঁচদিন ধৰি উদিয়ানাত অপৰিৱৰ্তিত অৱস্থাত আছে বান পৰিস্থিতি ৷ যাৰ বাবে বহু লোকে অস্থায়ীভাৱে আশ্ৰয় গ্ৰহণ কৰিবলগীয়া হৈছে ৰে’লপথৰ সমীপত ৷

এই বানে কেৱল যে সাধাৰণ মানুহৰে ভেটি-মাটি উছন কৰিছে, তেনে নহয় বানত বিধ্বস্ত হৈছে বৃহৎ পৰিমাণৰ কৃষিভূমি ৷ বানৰ পূৰ্বে বহু খেতিয়কে কপালৰ ঘাম মাটিত পেলাই শালি খেতি কৰাৰ অৰ্থে ৰোপণ কৰিছিল কঠিয়া ৷ কিন্তু এই কঠিয়াতলীসমূহো বানত ডুব যোৱাত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে কৃষকসকলৰ মাজত ৷

আনহাতে, অঞ্চলটোত থকা মীনপালকসকলৰ পুখুৰীৰ পৰা মাছ ওলাই গৈছে বানত ৷ বান বিধ্বস্ত এলেকাটোত যাতায়াতৰ বাবে সমস্যা হোৱাত জনসাধাৰণে খাদ্য সংকটতো ভূগিছে ৷ কি খাব, ক’ত থাকিব সেয়া এই মুহূৰ্তত উদিয়ানাবাসীৰ বাবে এক ডাঙৰ প্ৰশ্ন হৈ পৰিছে ৷ বিপদসংকুল পৰিস্থিতিত সম্প্ৰতি বাস কৰা বৃহত্তৰ অঞ্চলবাসীৰ কাষত এনে দুৰ্দিনৰ সময়তো কিন্তু স্থানীয় কোনো এগৰাকী জনপ্ৰতিনিধি উপস্থিত থকাটো পৰিলক্ষিত হোৱা নাই ৷

লগতে পঢ়ক: ৰাজ্যৰ অপৰিৱৰ্তিত বান পৰিস্থিতি : ২২ খন জিলাৰ ৪ লাখ ৯ হেজাৰ ৩৫৬ জন লোক ক্ষতিগ্ৰস্ত - ASSAM FLOOD 2024

কৃত্ৰিম বানত বুৰিল বিলাসী আৱাসিক এলেকা; জলবন্দী ১৫৩ টা পৰিয়াল - Artificial flood

বুঢ়াদিয়াই ছিগিলে মথাউৰি, প্লাৱিত শতাধিক পৰিয়াল - Assam Flood 2024

ABOUT THE AUTHOR

...view details